অপাৰেচন সিন্দুৰৰ পাছতে সমগ্ৰ ভাৰতত বাতিল ৪৩০ খন বিমান

এই সিদ্ধান্তৰ ফলত বিমান যাত্ৰাত ব্যাপক ব্যাঘাত জন্মিছে। ভাৰতীয় বিমান সংস্থাসমূহে বৃহস্পতিবাৰে মুঠ ৪৩০খন বিমান বাতিল কৰিছে, যিটো দেশৰ মুঠ নিৰ্ধাৰিত বিমানৰ ৩%।

author-image
Asomiya Pratidin
New Update
dfgfdg

ডিজিটেল ডেস্কঃভাৰতীয় সশস্ত্ৰ বাহিনীয়ে ৭ মে’ বুধবাৰে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলোৱা পাছতে সৰ্বত্ৰে উত্তেজনাই বিৰাজ কৰিছে। এই পৰিপ্ৰেক্ষিতত ১০ মে’ শনিবাৰে পুৱা ৫:২৯ বজালৈকে সমগ্ৰ উত্তৰ, পশ্চিম আৰু মধ্য ভাৰতৰ ২৭টা বিমানবন্দৰ বাণিজ্যিক কাৰ্য্যকলাপৰ বাবে বন্ধ কৰি দিয়া হৈছে।

এই সিদ্ধান্তৰ ফলত বিমান যাত্ৰাত ব্যাপক ব্যাঘাত জন্মিছে। ভাৰতীয় বিমান সংস্থাসমূহে বৃহস্পতিবাৰে মুঠ ৪৩০খন বিমান বাতিল কৰিছে, যিটো দেশৰ মুঠ নিৰ্ধাৰিত বিমানৰ ৩%। ইফালে পাকিস্তানতো ১৪৭খন বিমান বাতিল হোৱা ফলত বিমান যাত্ৰাত যথেষ্ট ব্যাঘাত জন্মিছে, এই সংখ্যা নিৰ্ধাৰিত সেৱাৰ প্ৰায় ১৭%।

ফ্লাইট ট্ৰেকিং প্লেটফৰ্ম Flightradar24ৰ মতে, কাশ্মীৰৰ পৰা গুজৰাটলৈকে পাকিস্তান আৰু ভাৰতৰ পশ্চিম প্ৰান্তত বিস্তৃত আকাশমাৰ্গৰ ওপৰেৰে অসামৰিক বিমান পৰিবহণ বন্ধ ৰাখিছে। বেছিভাগ বিদেশী বিমান সংস্থাই পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰা বন্ধ কৰি দিছে, ইয়াৰ পৰিৱৰ্তে মুম্বাই আৰু আহমেদাবাদৰ ওপৰেৰে বিমান সেৱাৰ পথ সলনি কৰাৰ পথ বাছি লৈছে।

ক্ষতিগ্ৰস্ত ভাৰতীয় বিমানবন্দৰসমূহৰ ভিতৰত আছে মূল বিমানবন্দৰ যেনে শ্ৰীনগৰ, জম্মু, লেহ, চণ্ডীগড়, অমৃতসৰ, আৰু যোধপুৰৰ লগতে আন কেইবাটাও: লুধিয়ানা, পাটিয়ালা, বাথিণ্ডা, হালৱাৰা, পাঠানকোট, ভুণ্টাৰ, শিমলা, গগগল, ধৰ্মশালা, কিশনগড়, জয়ছালমেৰ, বিকানেৰ, মুন্দ্ৰা, জামনগৰ, ৰাজকোট, পোৰবন্দৰ, কণ্ডলা, কেশোদ, ভূজ, গ্ৱালিয়ৰ, আৰু হিন্দন।

উল্লেখ্য যে, এয়াৰ ইণ্ডিয়া, ইণ্ডিগ’, স্পাইচজেট, এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ, আকাছা এয়াৰ, আৰু কেইটামান বিদেশী বিমান সংস্থাই বিভিন্ন বিমানবন্দৰলৈ অহা-যোৱা কৰা সেৱা বাতিল কৰিছে।

বিমান সেৱা