পৰ্বতাৰোহণ অভিযানৰ ফ্লেগ অফ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

অভিযানকাৰী দলটোৱে পশ্চিম ছিক্কিমৰ হিমালয়ান শৃংগ ৬০১০ মিটাৰ উচ্চতাৰ মাউন্ট থিনচেঙখাঙ (Mt. Thinchenkhang) নামৰ গুৰুত্বপূৰ্ণ শৃংগটি আৰোহণ কৰাৰ উদ্দেশ্যে ২০ মে তাৰিখে যাত্ৰা আৰম্ভ কৰিব।

author-image
Asomiya Pratidin
New Update
পৰ্বতাৰোহণ অভিযানৰ ফ্লেগ অফ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

পৰ্বতাৰোহণ অভিযানৰ ফ্লেগ অফ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

ডিজিটেল সংবাদ, গুৱাহাটী : শুকুৰবাৰে এক্সট্ৰিম এডভেন্সাৰ স্পৰ্ট এচোছিয়েশ্যন অৱ আসাম (Xtreme Adventure Sports Association of Assam, XASAA)ৰ উদ্যোগত আয়োজিত এক পৰ্বতাৰোহণ অভিযানৰ ফ্লেগ অফ কৰে অসমৰ পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।

Advertisment

পৰ্যটন মন্ত্ৰীগৰাকীৰ বাসভৱনত অনুষ্ঠিত এই অনুষ্ঠানৰ আঁত ধৰে সন্থাৰ সভাপতি লাচিত বৰদলৈয়ে। ৰঞ্জিত কুমাৰ দাসক আদৰণি জনোৱাৰ পিছতে মন্ত্ৰীগৰাকীয়ে আইচ এক্স আৰু জাতীয় পতাকা অভিযানকাৰী দলটোৰ হাতত প্ৰদান কৰি অভিযানৰ ফ্লেগ অফ কাৰ্যসূচী সম্পন্ন কৰে। দলটোৰ অভিযানৰ সফলতা কামনা কৰি পৰ্যটন মন্ত্ৰীগৰাকীয়ে অসমৰ যুৱ প্ৰজন্মৰ মাজত পৰ্বতাৰোহণ আৰু দু:সাহসিক ক্ৰীড়া জনপ্ৰিয় কৰাৰ লগতে ইয়াক পৰ্যটনৰ লগত জড়িত কৰি দেশী-বিদেশী পৰ্য্যটকক অসমলৈ আকৰ্ষণ কৰাৰ গুৰুত্ব উল্লেখ কৰে। এই ক্ষেত্ৰত পৰ্যটন বিভাগে বিভিন্ন আঁচনি গ্ৰহণ কৰা বুলি মন্ত্ৰী গৰাকীয়ে সদৰি কৰে। 

অভিযানকাৰী দলটোৱে পশ্চিম ছিক্কিমৰ হিমালয়ান শৃংগ ৬০১০ মিটাৰ উচ্চতাৰ মাউন্ট থিনচেঙখাঙ (Mt. Thinchenkhang) নামৰ গুৰুত্বপূৰ্ণ শৃংগটি আৰোহণ কৰাৰ উদ্দেশ্যে ২০ মে তাৰিখে যাত্ৰা আৰম্ভ কৰিব। দলটোৰ সদস্য হৈছে -  শেখৰ বৰদলৈ, (দলপতি) সমীৰ শইকীয়া,  বিপুল শৰ্মা, মনোজ কুমাৰ পাটোৱাৰী আৰু চিক্কিম নিবাসী বিকাশ ৰাৱাত। দলটোৱে সফলতাৰে অভিযান সম্পন্ন কৰি ৫ জুনত অসমলৈ প্ৰত্যাৱৰ্তন কৰাৰ কথা।

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস