/asomiyapratidin/media/media_files/2025/01/06/9R2m1FERtDrRqWM1G6d3.jpg)
Flag hoisting of 'Shildubi Changpang North-East Ethnic Festival'...
ডিজিটেল সংবাদ, ঘিলাধাৰী : যোৰহাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল বৰহোলা শিলডুবি আৰু নাগালেণ্ডৰ চাংপাং চাৰ্কোলৰ একাংশ সচেতন লোকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা 'শিলডুবি বৰহোলা চাংপাং চাৰ্কোল ইক টুৰিজিম ডেভেলপমেণ্ট ছ’চাইটি' অনুষ্ঠানে এইবাৰ নৱম সংখ্যক বৰ্ষত ভৰি দিছে ৷ এই অনুষ্ঠানে দুয়োখন ৰাজ্যৰ শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ গঢ়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷
সেই উদ্দেশ্য আগত ৰাখি প্ৰতি বছৰে ৬,৭ আৰু ৮ জানুৱাৰীত বৰহোলা, শিলডুবি আৰু নাগালেণ্ডৰ ৱাখাৰ জিলাৰ চাংপাং চাৰ্কোল অঞ্চলৰ ৰাইজ একত্ৰিত হৈ 'শিলডুবি চাংপাং নৰ্থ ইষ্ট এথনিক ফেষ্টিভেল' চমুকৈ স্নীফ্ নামেৰে এক নৃ-গোষ্ঠীয় মহোৎসৱ অনুষ্ঠিত কৰি আহিছে ৷ এই ফেষ্টিভেললৈ ৰাজ্যৰ লগতে নাগালেণ্ডৰ বিভিন্ন প্ৰান্তৰ পৰা বহু লোকৰ সমাগম হয় ৷
কেৱল সেয়াই নহয়, বিভিন্ন জাতি জনগোষ্ঠী, সম্প্ৰদায়ৰ মিলনৰ স্হলীলৈ পৰিণত হয় এই মহোৎসৱ ৷ দুখৰ বিষয় যে, মহামাৰী কোভিড ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাস সৃষ্টি কৰাত চৰকাৰে তলাবন্ধ কৰাৰ পিছতে বিগত ৫ বছৰ অনুষ্টুপীয়াকৈ আয়োজন কৰি আহিছে ৷
একেদৰে সোমবাৰেও মহোৎসৱৰ পতাকা উত্তোলন কৰে শিলডুবি বৰহোলা চাংপাং চাৰ্কোল ইক টুৰিজিম ডেভেলপমেণ্ট ছ’চাইটিৰ উপ-সভাপতি নংঘথাং য়ানথাং আৰু শিলডুবি চাংপাং নৰ্থ ইষ্ট এথনিক ফেষ্টিভেলৰ হৈ পতাকা উত্তোলন কৰে উপ-সভাপতি মৃদুল সোণোৱালে ৷
/asomiyapratidin/media/media_files/2025/01/06/3x6QwgOU3e81i3mRbAjB.jpg)
ইয়াৰ পিছতে প্ৰয়াত এন কে কিথান, বিপিন সোনোৱাল, উনচোম অডিঅ’ আৰু প্ৰশান্ত সোনোৱালৰ স্মৃতিত স্মৃতি তৰ্পণ কৰা হয়। সভাৰ কাৰ্যসূচী পৰিচালনা কৰে ইক টুৰিজিম ডেভেলপমেণ্ট ছ’চাইটিৰ সভাপতি তিলক বৰুৱাই ৷
সভাত ২০২৬ বৰ্ষত পুনৰ এই মহোৎসৱ আয়োজনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰি শিলডুবি চাপাং নৰ্থ ইষ্ট এথনিক ফেষ্টিভেল-২৬ ৰ সমিতি গঠন কৰা হয় ৷ তাপস ৰঞ্জন শৰ্মাক সভাপতি, ৰাৱেন থাং কিথান আৰু উমেশ্বৰ সোণোৱালক কাৰ্যকৰী সভাপতি, পলাশ হাজৰিকাক সম্পাদক, নংঘথাং য়ানথাং আৰু মৃদুল সোণোৱালক কাৰ্যকৰী সম্পাদক, তিলক বৰুৱা, প্ৰফুল্ল ৰাজখোৱা, ভোগেশ্বৰ সোণোৱাল, ডব্লিউ ৱাই কিথানক উপদেষ্টা হিচাপে ৰাখে।
/asomiyapratidin/media/media_files/2025/01/06/R6iVQE80ekAn2zGM9bXl.jpg)
একেদৰে পাৰ্থপ্ৰতীম শইকীয়া, পল্লৱ শইকীয়া, হিৰণজ্যোতি সোণোৱাল, নিৰাল কেৰ্কেটা, ডেভিদ চিটিৰি, আনন্দ কিকন আৰু চম্পক গগৈক কাৰ্যনিৰ্বাহক সদস্য হিচাপে লৈ সমিতিখন গঠন কৰা হয় ৷ সভাৰ পিছতে এক প্ৰীতিভোজনৰ আয়োজন কৰা হয় ৷