Advertisment

পাঁচখনকৈ ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি ৰাষ্ট্ৰপতিৰ...

মঙলবাৰে এক নিৰ্দেশনাযোগে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৫খনকৈ ৰাজ্যৰ নতুন ৰাজ্যপাল নাম ঘোষণা কৰে । মণিপুৰৰ ৰাজ্যপাল হিচাপে অজয় ​​কুমাৰ ভল্লাক নিযুক্তি দিয়া হৈছে বুলি মঙলবাৰে এক চৰকাৰী অধিসূচনাত প্ৰকাশ পাইছে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ মঙলবাৰে এক নিৰ্দেশনাযোগে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৫খনকৈ ৰাজ্যৰ নতুন ৰাজ্যপাল নাম ঘোষণা কৰে । মণিপুৰৰ ৰাজ্যপাল হিচাপে অজয় ​​কুমাৰ ভল্লাক নিযুক্তি দিয়া হৈছে বুলি মঙলবাৰে এক চৰকাৰী অধিসূচনাত প্ৰকাশ পাইছে।

Advertisment

চলিত বৰ্ষৰ ৩১ জুলাইত কাৰ্যভাৰ গ্ৰহণ কৰা লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ঠাইত অজয় ​​কুমাৰ ভল্লাই মণিপুৰৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব । ভল্লা ১৯৮৪ চনৰ অসম-মেঘালয় কেডাৰৰ অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া। ২০২৪ চনৰ আগষ্টলৈকে প্ৰায় পাঁচ বছৰ ধৰি ভাৰতৰ গৃহ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অজয় কুমাৰ ভল্লাৰ ঘৰ পঞ্জাৱৰ জলন্ধৰত ।

লগতে কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানক বিহাৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে । একাধিক বিষয়ক লৈ ৰাজ্য চৰকাৰৰ সৈতে সততে তৰ্ক-বিতৰ্কত লিপ্ত হোৱা দেখা গৈছিল আৰিফ মহম্মদ খানক।

উল্লেখযোগ্য যে ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক কেৰালাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ।

ৰাঘবুয়াৰ দাসে ওড়িশাৰ ৰাজ্যপালৰ পদৰ পৰাও পদত্যাগ গ্ৰহণ কৰাৰ পিছত তেওঁৰ ঠাইত ড. হৰি বাবু কাম্ভমপতিক নিযুক্তি দিয়ে। ইয়াৰ পূৰ্বে ড. কাম্ভম্পতি মিজোৰামৰ ৰাজ্যপাল আছিল ।

প্ৰাক্তন সেনা বিষয়া জেনেৰেল ড০ বিজয় কুমাৰ সিঙক মিজোৰামৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে আৰু তেওঁ ড০ কাম্ভমপতিৰ পিছত কাৰ্যভাৰ গ্ৰহণ কৰিব।

প্ৰথমবাৰৰ বাবে জেনেৰেল বি কে সিঙে কোনো ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিজৰ কৰ্তব্য পালন কৰিব।

সিং ২০১৪-২০২৪ চনলৈ উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ সাংসদ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পূৰ্বৰ কেবিনেটত কেন্দ্ৰীয় মন্ত্ৰী আছিল । ৰাজ্যপালসকলে নিজ নিজ কাৰ্যালয়ৰ দায়িত্ব লোৱাৰ তাৰিখৰ পৰাই এই নিযুক্তি কাৰ্যকৰী হ'ব।

 

ৰাজ্যপাল