Advertisment

হাতত লাঠি আৰু চোকা অস্ত্ৰ লৈ মাৰপিট, আহত ৫জন

ধলাই বাম বিদ্যাপীঠ হাইস্কুলত পঢ়া এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ ইনষ্টাগ্ৰামৰ আইডি বিচাৰিছিল এজন যুৱকে। ছাত্ৰী গৰাকী স্কুলৰ পৰা ঘৰলৈ যোৱাৰ সময়ত ভাগাবাজাৰ অটো ষ্টেণ্ডত যুৱকজনে ইনষ্টাগ্ৰামৰ আইডি বিচাৰিছিল ছাত্ৰী গৰাকীক হাৰাশাস্তি কৰিছিল।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
প্ৰচণ্ড মাৰপিট

প্ৰচণ্ড মাৰপিট

ডিজিটেল সংবাদ শিলচৰ: মাটিবাৰী অথবা আৰ্থিক লেনদেনক লৈ মাৰপিটৰ ঘটনা প্ৰায়ে শুনা যায়। কিন্তু ইনষ্টাগ্ৰামৰ আইডি বিচৰাক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হোৱা বোধহয় নতুন ঘটনা। এগৰাকী সপ্তম শ্ৰেণীত পঢ়া ছাত্ৰীৰ ইনষ্টাগ্ৰামৰ আইডি বিচৰাক কেন্দ্ৰ কৰি কাছাৰ  জিলাৰ ধলাই ভাগা বাজাৰত সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা।

Advertisment

ধলাই বাম বিদ্যাপীঠ হাইস্কুলত পঢ়া এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ ইনষ্টাগ্ৰামৰ আইডি বিচাৰিছিল এজন যুৱকে। ছাত্ৰী গৰাকী স্কুলৰ পৰা ঘৰলৈ যোৱাৰ সময়ত ভাগাবাজাৰ অটো ষ্টেণ্ডত যুৱকজনে ইনষ্টাগ্ৰামৰ আইডি বিচাৰিছিল ছাত্ৰী গৰাকীক হাৰাশাস্তি কৰিছিল। ওচৰৰ পৰা এই ঘটনা প্ৰত্যক্ষ কৰা ছাত্ৰী গৰাকীৰ এজন খুড়াকে কিয় ছাত্ৰীগৰাকীক হাৰাশাস্তি কৰিছে বুলি যুৱকজনক প্ৰশ্ন কৰাত দুই জনৰ মাজত কথা কটাকটি হয়। এটা সময়ত ঘটনাই প্ৰচণ্ড মাৰপিটৰ ৰূপ লয়। দুয়ো পক্ষৰ আৰু কেইজন মান লোকে হাতত  লাঠি আৰু চোকা অস্ত্ৰ লৈ মাৰপিটত লিপ্ত হয়। মাৰপিটৰ ঘটনাত দুইপক্ষৰ পাঁচজন লোক আহত হৈছে। আহতসকল বৰ্তমান শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন। আহত  নুৰ উদ্দিন লস্কৰ,ছামছুদ্দিন লস্কৰ, চলমান হুছেইন লস্কৰ আৰু বুৰহান উদ্দিন লস্কৰক ধলাই স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় যদিও কৰ্তব্যৰত চিকিৎসকে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালয়লৈ প্ৰেৰণ কৰে। এই ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

 

Silchar instagram