/asomiyapratidin/media/media_files/2025/06/30/271-2025-06-30-07-49-53.jpg)
ডিজিটেল সংবাদ, শিলচৰ : কাছাৰত পুনৰ পাঁচজন বাংলাদেশী গ্ৰেপ্তাৰ কৰা হৈছে । কাটিগৰা সমষ্টিৰ ভাৰত - বাংলাদেশ সীমান্তৰ মহালছৰা আৰু কাটিগৰাৰ চোৰংগীৰ পৰা গ্ৰেপ্তাৰ কৰা হয় বাংলাদেশী কেইজনক।
জানিব পৰা মতে, বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশৰ সময়ত খুলনা জিলাৰ বাগেৰহাটৰ মহম্মদ চালেখ নামৰ বাংলাদেশী জনক আটক কৰে স্থানীয় লোকে। একে সময়তে বাংলাদেশত প্ৰৱেশ কৰাৰ সময়ত বাগেৰহাটৰ ছাইদুল ইছলাম আৰু মহম্মদ দুলাল নামৰ আন দুজন বাংলাদেশীকো আটক কৰে স্থানীয় লোকে।
তিনিওজনকে পিচত গুমৰা আৰক্ষীক গতাই দিয়া হয়। আনহাতে, কাটিগড়া চৌৰাংগীৰ পৰা এগৰাকী মহিলাসহ দুজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছে কাটিগৰা আৰক্ষীয়ে । গ্ৰেপ্তাৰ কৰাৰ পিছত আটাইকেইজন বাংলাদেশীকে শিলচৰলৈ লৈ অহা হৈছে। অৱশ্যে কাটিগৰাত গ্ৰেপ্তাৰ হোৱা বাংলাদেশী দুজনৰ নাম জানিব পৰা নাই।