পাঁচ দিনৰ অন্তত সন্ধান ওলাল চেৰমেন মুছাহাৰীৰ

পাঁচ দিনৰ অন্তত অৱশেষত  উদ্ধাৰ হল চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত বনাঞ্চলৰ বনগাঁৱত কুৱা খান্দিবলৈ গৈ দুৰ্ঘটনাবশতঃ প্ৰায় ৪০ ফুট গভীৰতাৰ মাটিৰ তলত পোত খাই থকা ব্যক্তিজনৰ অৰ্দ্ধ গলিত মৃতদেহ ।

author-image
Asomiya Pratidin
New Update
পাঁচ দিনৰ অন্তত  সন্ধান ওলাল চেৰমেন মুছাহাৰীৰ

পাঁচ দিনৰ অন্তত সন্ধান ওলাল চেৰমেন মুছাহাৰীৰ

ডিজিটেল সংবাদ, চিৰাং: পাঁচ দিনৰ অন্তত অৱশেষত উদ্ধাৰ হল চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত বনাঞ্চলৰ বনগাঁৱত কুৱা খান্দিবলৈ গৈ দুৰ্ঘটনাবশতঃ প্ৰায় ৪০ ফুট গভীৰতাৰ মাটিৰ তলত পোত খাই থকা ব্যক্তিজনৰ অৰ্দ্ধ গলিত মৃতদেহ । প্ৰখৰ ৰদৰ মাজতেই যোৱা বুধবাৰৰ পৰা এচডিআৰএফৰ দলে ধাৰাবাহিকভাবে উদ্ধাৰ অভিযান চলাই আছিল উদ্ধাৰকাৰী দলটোৱে। শুকুৰবাৰে বিয়লিৰ ভাগত প্ৰায় ৪০ ফুট গভীৰতাত মাটিত পোঁত খাই থকা অবস্থাত চেৰমেন মুছাহাৰী (৪৯) ৰ মৃতদেহটো উদ্ধাৰ কৰে। 

Advertisment

উল্লেখযোগ্য যে, দ্ৰুতগতিত বনধ্বংসৰ ফলত এলেকাটোৰ ভূমিগত জলস্তৰ নিম্নগামী হোৱাৰ বাবে খোৱাপানীৰ অভাৱ দেখা দিছে। বনজঙ্ঘল কাটি নতুনকৈ গাঁও স্থাপন কৰা ২ নং সত্যপুৰ বনগাঁৱত বাসিন্দা চেৰমেন মুছাহাৰীয়ে পৰিয়ালৰ খোৱাপানীৰ বন্দোবস্ত কৰিবলৈ পত্নীৰ সৈতে মিলি নিজেই কুৱা খান্দি আছিল । ভূমিগত জলস্তৰ নিম্নগামী হোৱা হেতুকে প্ৰায় ৪০ ফুট গভীৰতা লৈকে খনন চলোৱাৰ পিছতো পানীৰ সন্ধান পোৱা নাছিল মৃত চেৰমেন মুছাহাৰী। কোনোধৰণৰ নিৰাপত্তা ব্যবস্থা নোহোৱাকৈয়ে ৪০ ফুট গভীৰলৈ কুৱাৰ খনন কাৰ্য্য চলাই থকাৰ সময়তে সোমবাৰে আকস্মিক ভাৱে ওপৰৰ পৰা মাটি খহি পোত গৈছিল লোকজন। 

ইয়াৰ পাছতে পৰিয়ালৰ লগতে গাঁওবাসীয়ে এই সমগ্ৰ ঘটনাটো প্ৰশাসনক অৱগত নকৰাকৈ নিজাববীয়াকৈ এস্কেভেটৰে দি উদ্ধাৰ অভিযান চলাইছিল কিন্তু সফল হ'ব পৰা নাছিল। পিছত সংবাদ মাধ্যমৰ লোকে খবৰটো লাভ কৰি আৰক্ষীৰ লোকক অৱগত কৰাৰ পিছত বুধবাৰৰ পৰা এচডিআৰএফৰ দলে উদ্ধাৰ অভিযানত নামি অবশেষত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পিছত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে।

চিৰাং