/asomiyapratidin/media/media_files/2025/01/13/24NRs55mdV6TyoOW5eC9.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি বটদ্ৰৱাৰ হাতিচোং কমাৰচুকৰ ৰাইজে কৰিলে মৎস চিকাৰ। বছৰ বছৰ ধৰি ভোগালীৰ উৰুকা হাতিচোং কমাৰচুকৰ কদমপুখুৰীত গঞা ৰাইজে মাছ মাৰি আহিছে। এইবেলিও গাঁৱৰ সকলো সমবেত হৈ মাছ মাৰি নাচি বাগি আনন্দ লাভ কৰে। মাছ ধৰিবলৈ নমা অগনন লোকৰ উপস্থিতিৰে আজি মুখৰিত হৈ পৰিল কদমপুখুৰী।
উল্লেখ্য যে, শ শ বছৰ ধৰি মাঘ বিহুৰ উৰুকাৰ দিনা নগাঁও জিলাৰ হাতীচোং কমাৰচুকত অৱস্থিত কদমপুখুৰীত পৰম্পৰাগত ভাৱে পালন কৰি আহিছে এই সমূহীয়া মাছ ধৰা উৎসৱ। এইবেলিও গঞা ৰাইজে ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে পালন কৰিছে সমূহীয়া মাছ ধৰা উৎসৱ।
আজি পুৱাৰে পৰা কদমপুখুৰীলৈ মাছ ধৰিবলৈ আৰু মাছ ধৰাৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ অহা অগনন গঞা ৰাইজৰ উপস্থিতিৰে এক উদুলি মুদুলি পৰিবেশ সৃষ্টি হয়। এনেদৰে জাতি বৰ্ণ নিৰ্বিশেষে সমবেত হোৱা ৰাইজে কদমপুখুৰীক এক সমন্বয়ৰ থলীলৈ ৰূপান্তৰ কৰে। ৰং ধেমালিৰ মাজেৰে বহু কেইজন লোকে বিহুগীত জুৰি নৃত্য গীতত মচগুল হৈ বিহুৰ আনন্দত মতলীয়া হৈ এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰে।