Advertisment

ব্ৰহ্মপুত্ৰত নিশা বৈদ্যুতিক যন্ত্ৰৰে মৎস্য চিকাৰ : চাপৰত স্থানীয় ৰাইজৰ লগতে মাছমৰীয়াৰ সংবাদমেল

অভিযোগ অনুসৰি নিশাৰ অন্ধকাৰত মহাবাহু ব্ৰহ্মপুত্ৰৰ লগতে চম্পাৱতী নৈত নিতৌ যন্ত্ৰচালিত নাৱেৰে একাংশ দুষ্ট প্ৰকৃতিৰ লোকে উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক যন্ত্ৰৰে মৎস্য চিকাৰ..

author-image
Asomiya Pratidin
New Update
chapar

ডিজিটেল সংবাদ, চাপৰ : চাপৰত জীৱ শ্ৰেষ্ঠ মানুহৰ নিকৃষ্ট কাণ্ড পোহৰলৈ আহিছে। অলপ ধনৰ লালসাত ধ্বংস কৰিবলৈ লৈছে নদীৰ প্ৰাণীকুল ! 

Advertisment

চাপৰত স্থানীয় ৰাইজ আৰু মাছমৰীয়াসকলে এক সংবাদমেল অনুষ্ঠিত কৰি ভয়ংকৰ অভিযোগ উত্থাপন কৰে। অভিযোগ অনুসৰি নিশাৰ অন্ধকাৰত মহাবাহু ব্ৰহ্মপুত্ৰৰ লগতে চম্পাৱতী নৈত নিতৌ যন্ত্ৰচালিত নাৱেৰে একাংশ দুষ্ট প্ৰকৃতিৰ লোকে উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক যন্ত্ৰৰে মৎস্য চিকাৰৰ নামত নিধনযজ্ঞ চলাইছে জলজ প্ৰাণীৰ ওপৰত। 

অভিযোগ অনুসৰি নদী আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ সুযোগ গ্ৰহণ কৰি একাংশই বৈদ্যুতিক শ্বৰ্ট দি মাছ ধৰাৰ ফলত পানীত বা নদীত থকা কাছ, শিহুকে ধৰি বহু জলজ প্ৰাণী মৃত্যুমুখত পৰিছে। ফলত নদীত এতিয়া লাহে লাহে জলজ প্ৰাণী নাইকীয়া হ'বলৈ ধৰিছে।

আনপিনে জীৱিকাৰূপে কৰ্মৰত মাছমৰীয়াসকলৰ জীৱনলৈ গভীৰ সংকট আহি পৰিছে। নদীত সাধাৰণভাৱে মাছ ধৰিবলৈ যোৱা মাছমৰীয়াসকলে পূৰ্বৰ তুলনাত একেবাৰে নগন্য মাছহে লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে। ফলত পৰিয়াল পোহপাল দিয়াত বহু অসুবিধাৰ সন্মুখীন হৈছে মাছমৰীয়াসকল। 

উল্লেখযোগ্য যে বিগত দুবছৰ ধৰি মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহত উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক যন্ত্ৰৰে মৎস্য চিকাৰৰ চলি আছে। উপায়ন্তৰ হৈ সচেতন ৰাইজ আৰু মাছমৰীয়াসকলে সংবাদমেলৰ দ্বাৰা বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ উপৰি অতিশীঘ্ৰে এই সকল দুষ্কৃতিকাৰীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে সচেতন ৰাইজ তথা মাছমৰীয়াসকলে।

উল্লেখযোগ্য যে গোৱালপাৰা, বঙাইগাঁও আৰু ধুবুৰী জিলাত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈ আহিছে। বিশেষকৈ নৰনাৰায়ণ সেতুৰ পৰা আৰাম্ভ কৰি গৌৰাং নৈ লৈ যন্ত্ৰচালিত নাৱেৰে এনেদৰে নিশাৰ অন্ধকাৰত বৈদ্যুতিক যন্ত্ৰৰে মৎস্য চিকাৰৰ নামত জলজ প্ৰাণীৰ নিধনযজ্ঞ চলিছে।

assam fish brahmaputra crime Assam police