/asomiyapratidin/media/media_files/2025/01/14/ONa6gmYTYJj3j6vhcSHI.jpg)
ডিজিটেল সংবাদ,কঠীয়াতলীঃ পৰম্পৰা অক্ষুণ্ণ ৰাখি বিগত বৰ্ষৰ দৰে চলিত ৰ্বষটো মধ্য অসমৰ নগাঁও কঠীয়াতলীৰ তিৱা সম্প্ৰদায়ৰ লোকসকলে আজিৰ দিনটো ভোগালী বিহুৰ উৰুকাৰ দিন হিচাপে পালন কৰে। তিৱা সম্প্ৰদায়ৰ লোকসকলে মঙলবাৰ দিনটো উৰুকা আৰু বুধবাৰৰ দিনটো বিহু হিচাপে পালন কৰি আহিছে।
তিৱা সম্প্ৰদায়ৰ লোকসকলে ভোগৰ উৎসৱ ভোগালী বিহুৰ দিনা হাঁহে-মাহে পৰিয়ালৰ সৈতে এসাজ খোৱাৰ উদ্দ্যেশ্য নগাঁও জিলাৰ অন্যতম তিৱা জনগোষ্ঠীৰ কেন্দ্ৰ স্থল কঠীয়াতলী আঞ্চলৰ তিৱাসকলৰ মাজত চলে ব্যাপক আয়োজন।
প্ৰতিটো ৰ্বষৰ দৰে এইবাৰো ভোগালী বিহুৰ উৰুকাৰ দিনা বুকলুং বিলত পৰম্পৰা অনুসৰি ভিন্ন স্থানৰ পৰা শ শ লোকে একেলগে একত্ৰিত হৈ মৎস চিকাৰ কৰে।পুৱাৰ ভাগৰ পৰা এই স্থানত ৰাইজে হাতে হাতে জাকৈ,পল,জাল লৈ মৎস্য চিকাৰৰ বাবে নামি পৰিল বুকলং বিলত। পৰম্পৰা অনুসৰি মাংগলিক নীতি-নিয়মৰ পাছতে সকলোৱে নাচি বাগি গীত গাই মৎস চিকাৰৰ বাবে নামিল বিলত।