/asomiyapratidin/media/media_files/2025/06/28/dsdsd-2025-06-28-15-36-06.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাতো বাঢ়িছে জাপানীজ এনকেফ্লাইটিজ ৰোগীৰ সংখ্যা। এনে সময়তে তৎপৰ হৈছে দৰং জিলা স্বাস্থ্য বিভাগ। জিলা স্বাস্থ্য বিভাগে মঙলদৈ চহৰৰ নলা নৰ্দমা সমূহত Iarvivorous নামৰ মাছৰ পোনা মেলি দি মহ ৰ বংশ বৃদ্ধি ৰোধ কৰিবলৈ এক পদক্ষেপ গ্ৰহণ কৰিছে।
এই প্ৰজাতিৰ মাছে মহৰ কনি, মহ আদি খাদ্য হিচাপে গ্ৰহণ কৰে। ইয়াৰ ফলত মহৰ বংশ বৃদ্ধি ৰোধ কৰিবলৈ সক্ষম হব বুলি স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সকলে মন্তব্য আগবঢ়ায়। এই কাৰ্যসূচীত মঙলদৈ পৌৰসভাই সহযোগ আগবঢ়াই। ৰাইজে আশা প্ৰকাশ কৰে জাপানীজ এনকেফ্লাইটিজ নিৰ্মূলৰ বাবে নলা নৰ্দমাত মাছৰ পোনা মেলা কাৰ্য্যত স্বাস্থ্য বিভাগ সফল হ'ব।