ডিজিটেল সংবাদ,কামপুৰঃ সোমবাৰে নিশা এটা দুষ্ট চক্ৰই বৰপানী নদীৰ শিঙিমাৰী, জুৰিৰপাৰ আৰু মাধৱপাৰাত অতি শক্তিশালী বিষ ঢালি লাখ লাখ টকাৰ বিভিন্ন প্ৰজাতি মাছ নিধন কৰে ।
প্ৰাপ্ত তথ্য মতে গভীৰ নিশা ৰমনীপথাৰ-উজানমাৰীৰ দহজনীয়া এটা দুষ্ট মাছমৰীয়া চক্ৰই বৰপানী নদীৰ উল্লেখিত ঠাই সমূহত ইণ্ডিনজাতিয় মাৰাত্মক বিষ ঢালি মাছৰ নিধন চলায় ৷ বিষ ঢালি দিয়াৰ লগে লগেই প্ৰকাণ্ড ৰৌ,বৰালি,আৰি, ঢেকেৰা প্ৰজাতি মাছৰ লগতে সৰু প্ৰজাতিৰ মাছ সমূহ মৰি পানীৰ ওপৰত ভাহি উঠে ৷
কেইবা কুইন্টল মাছ নৌকাত ভৰাই দুষ্ট চক্ৰটোয়ে পলায়ন কৰে ৷ ইপিনে আজি ৰাতিপুৱা লৈকে বিভিন্ন মাছ গেলি পচি নদীৰ পানীত বৈ যোৱা ৰাইজে প্ৰত্যক্ষ কৰে ৷
নিবিদাৰ যোগেদি নদী ডাকত লোৱা মহলদাৰ চন্দ্ৰ কুমাৰ বিশ্বাসে মাছ নিধন চাই দুষ্ট চক্ৰটোক বিচাৰি ৰাইজৰ সহযোগত চাৰিটা অপৰাধীক হাতেলুটে আটক কৰে যদিও একাংশ মধ্যভোগীয়ে আটক হোৱা চক্ৰটোৰ পৰা চল্লিশ হাজাৰ টকা লৈ ঘটনাটোক গাপ দি ৰখাৰ অভিযোগ উঠিছে ৷
মাধৱপাৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন কাউন্সিলাৰ খলিলুৰ ৰহমানৰ নেতৃত্বত একাংশ লোকে মাছ নিধন কৰা চোৰৰ পৰা শকত জৰিমনা লৈ এৰি দিয়ে বুলি জানিব পৰা গৈছে ৷ একাংশ লোকে জনোৱা মতে নদীপৰীয়া ঠাইৰ দুজন গাঁওৰক্ষী বাহিনীৰ সম্পাদকে দুষ্ট চক্ৰটোৰ নৌকা, যাঠি,জোং আৰু মৃত মাছৰ ফটো তুলি আৰক্ষীক জনোৱাৰ পৰিবৰ্তে কলা ধন ঘটাত নামি পৰাৰ অভিযোগ উঠিছে ৷ স্মৰ্তব্য যে প্ৰতিবছৰেই খৰালি দিনত এনে ধুৰন্ধৰ চক্ৰই তিনি-চাৰিবাৰকৈ বৰপানী নদীত বিষ ঢালি মাছৰ নিধন কৰে যদিও বন বিভাগ আৰু পুলিচ প্ৰশাসন কুম্ভকৰ্ণ নিদ্ৰাত থাকে বুলি সচেতন মহলে আশ্চৰ্য প্ৰকাশ কৰিছে ৷