/asomiyapratidin/media/media_files/2025/05/24/yvxW98tRmH9BEOrldhrB.jpg)
সাজু হৈ উঠিছে প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল
ডিডিটেল ডেস্কঃ ৰে’ল যাত্ৰীৰ বাবে এটা ভাল খবৰ। ভাৰতীয় ৰে’লৱেই শীঘ্ৰে দেশৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ৰে’ল মুকলি কৰিব। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উন্মোচন কৰিছিল এই বিশেষ ৰে’লখন। এই ৰে’লখন বিইএমএলে ইন্টিগ্ৰেল ক’চ ফেক্টৰী টেকন’লজিৰে সজ্জিত কৰিছে। প্ৰতিঘণ্টাত ১৬০ কিমি বেগত দিল্লীৰ পৰা চেন্নাইলৈ চলিব এই বন্দে ভাৰত স্লিপাৰ ৰে’লখন।
ৰে'লখনে প্ৰায় ২,১৭৪ কিলোমিটাৰ দূৰত্ব ২৭ ঘণ্টাৰো কম সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ সম্ভাৱনা আছে। হজৰত নিজামুদ্দিনৰ পৰা চেন্নাইলৈ যোৱাৰ পথত ৰে’লখন আগ্ৰা কেণ্ট, ভি লক্ষ্মীবাই ঝান্সী, ভোপাল, নাগপুৰ, বলহৰশ্বাহ, ৱাৰংগল আৰু বিজয়াৱাদা জংচন আদি গুৰুত্বপূৰ্ণ ষ্টেচনত ৰৈ যাব। দিল্লীৰ পৰা বিয়লি প্ৰায় ৪:৩৫ বজাত ৰাওনা হ’বলগীয়া বন্দে ভাৰত ৰে'লখন পিছদিনা নিশা ৮:৩০ বজাৰ ভিতৰত এম জি আৰ চেন্নাই চেণ্ট্ৰেলত উপস্থিত হ’ব। উভতি অহাৰ বাবে পুৱা ৭:০৫ বজাত চেন্নাইৰ পৰা ৰাওনা হৈ পিছদিনা পুৱা ৯:০০ বজাত দিল্লী পাবহি ৰে'লখন।
এই ৰে'লখনত মুঠ ১৬টা ডবা থাকিব, য’ত ১১টা এচি ৩-টায়াৰ, ৪টা এচি ২-টায়াৰ, আৰু ১টা ফাৰ্ষ্ট ক্লাছ এচি ডবা থাকিব। টিকটৰ ভাড়াসমূহ ক্ৰমে- এচি ৩ টায়াৰৰ বাবে প্ৰায় ৪,৩০০ টকা, এচি ২ টায়াৰৰ বাবে ৫,৮০০ টকা আৰু ফাৰ্ষ্ট ক্লাছ এচিৰ বাবে প্ৰায় ৭,২০০ টকা হ’ব বুলি অনুমান কৰা হৈছে।