/asomiyapratidin/media/media_files/2026/01/07/1-2026-01-07-21-46-56.jpg)
ডিজিটেল ডেস্কঃ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই কেন্দ্ৰীয় চৰকাৰে দেশৰ পৰৱৰ্তী লোকপিয়লৰ সময়সূচী ঘোষণা কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনা অনুসৰি, ২০২৭ চনৰ ভাৰতীয় লোকপিয়লৰ প্ৰথম পৰ্যায় অৰ্থাৎ গৃহ তালিকা আৰু গৃহ পিয়ল অহা ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত দেশজুৰি অনুষ্ঠিত হ’ব।
গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এই বিশাল প্ৰক্ৰিয়াটো দুটা মূল পৰ্যায়ত সম্পন্ন কৰা হ’ব। প্ৰথম পৰ্যায় ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰ, ২০২৬। এই পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ’ব। প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে এই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সুবিধাজনক যিকোনো ৩০ দিনৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰিব লাগিব।
দ্বিতীয় পৰ্যায় হ'ব ফেব্ৰুৱাৰী ২০২৭। এই পৰ্যায়ত জনসংখ্যাৰ মূল গণনা কৰা হ’ব। ১ মাৰ্চ ২০২৭-ক ইয়াৰ 'ৰেফাৰেন্স ডেট' হিচাপে গণ্য কৰা হ’ব। অৱশ্যে হিমপাত হোৱা অঞ্চলসমূহৰ (যেনে লাডাখ, হিমাচল প্ৰদেশ আদি) বাবে এই গণনা ২০২৬ চনৰ ছেপ্টেম্বৰতে কৰা হ’ব।
উল্লেখ্য যে, কেন্দ্ৰীয় কেবিনেটে এই কামৰ বাবে ইতিমধ্যে ১১,৭১৮.২৪ কোটি টকাৰ বাজেট অনুমোদন জনাইছে। সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় ৩০ লাখ গণনাকাৰীক এই কামত নিয়োজিত কৰা হ’ব। উল্লেখ্য যে, ইতিমধ্যে অসমৰ ডিব্ৰুগড়, পশ্চিম কাৰ্বি আংলং আৰু হাইলাকান্দি জিলাত ইয়াৰ বাবে প্ৰাক্ পৰীক্ষণ সম্পন্ন কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us