/asomiyapratidin/media/media_files/2025/03/07/cmVn5w9mJQBTHQzAOsnE.jpg)
'আপকু'ৰ কাৰ্বি আংলং জিলা সমিতিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাৰ সফল সামৰণি
ডিজিটেল সংবাদ, হাওৰাঘাট : আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়ন' চমুকৈ 'আপকু'ৰ কাৰ্বি আংলং জিলা সমিতিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাৰ সফল সামৰণি পৰিছে। বৃহস্পতিবাৰে ডকমকাৰ ভেলৌঘাটত অনুষ্ঠিত হৈছিল সভাখন।
উল্লেখযোগ্য যে কাৰ্বি আংলং জিলা ' আপকু'ৰ সভাপতি ছামছিং ক্ৰ'ৰ সভাপতিত্বত পৃথকে পৃথকে সাধাৰণ সভা আৰু প্ৰথম কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰা হয় । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে 'আপকু'ৰ কাৰ্বি আংলং জিলা সমিতিৰ সম্পাদক ধৰ্মেন্দ্ৰ খাখলাৰীয়ে ।
ডিফু, বোকাজান, হাৱাইপুৰ, হাওৰাঘাট, লাংহিন, ফুলনি, টুম্প্ৰেং , ধেন্টাঘাট, চামেলাংছ' আদি বিভিন্ন ঠাইৰ পৰা অহা বহু ন পুৰণি সতীৰ্থ সাংবাদিকৰ উপস্থিতিত পৃথকে পৃথকে অনুষ্ঠিত হোৱা সাধাৰণ সভা আৰু প্ৰথম কাৰ্যনিৰ্বাহক সভাত অৰ্থাৎ এই দুয়োখন সভাতেই আপকু সংগঠনটো সুচাৰুৰূপে চলাই নিয়াৰ লগতে জিলাখনৰ সাংবাদিক তথা সামগ্ৰীক দিশত সকলোৰে উন্নয়ন স্বাৰ্থত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।
সেইবোৰৰ ভিতৰত উল্লেখযোগ্য হৈছে প্ৰতি তিনি মাহৰ মূৰে মূৰে কাৰ্যনিৰ্বাহক সভা আৰু প্ৰতি ছয় মাহৰ মূৰে মূৰে সাধাৰণ সভা অনুষ্ঠিত কৰা, 'আপকু'ৰ কাৰ্যালয়ৰ বাবে মাটি বিচৰা, সভাপতি আৰু সম্পাদকৰ নামত পাছবুক খোলা, 'আপকু'ৰ সংগঠনৰ জৰিয়তে বঁটা প্ৰদানৰ বাবে দাতা বিচৰা আদি।
লগতে এই সভাতেই আপকুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদকৰ নিৰ্দেশ অনুসৰি কাৰ্যকৰী সদস্য ৰাজু কাঠাৰক এক প্ৰস্তাৱৰ যোগেদি অব্যাহতি দিয়া হয় । তেওঁৰ ঠাইত সভাৰ সৰ্ব সন্মত প্ৰস্তাৱ মৰ্মে খয়াছিং তেৰাঙক কাৰ্যকৰী সদস্য হিচাপে নতুনকৈ অন্তৰ্ভুক্ত কৰা হয় ।
আনহাতে এই সভাতেই 'আপকু'ৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদকৰ অনুমোদন লাভ কৰাৰ পিছত কাৰ্বি আংলং জিলাৰ সম্পাদকলৈ প্ৰেৰণ কৰা মুঠ ২৬ টা পৰিচয় পত্ৰ আনুষ্ঠানিকভাৱে সাংবাদিক সকলৰ মাজত বিতৰণ কৰা হয় ।