বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মদিন : কটন বিশ্ববিদ্যালয়ত ৰাজ্যিক ভিত্তিত প্ৰথমবাৰৰ বাবে স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন...

বডোফাৰ মৃত্যু হোৱা ৩টা দশক পাৰ হৈ গ’ল। কিন্তু আমি তেখেতক এনেদৰে ৰাজহুৱাভাৱে স্মৰণ কৰাৰ সুযোগ পোৱা নাছিলো। এই সুযোগ প্ৰদান কৰাৰ বাবে অসম চৰকাৰ আৰু বি টি আৰ চৰকাৰক ধন্যবাদ...

author-image
Asomiya Pratidin
New Update
কটন বিশ্ববিদ্যালয়ত ৰাজ্যিক ভিত্তিত প্ৰথমবাৰৰ বাবে স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন

ডিজিটেল ডেস্ক : আজি বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬৯ সংখ্যক জন্ম দিৱস। এই উপলক্ষে সোমবাৰে কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। 

Advertisment

উল্লেখযোগ্য যে, বি টি আৰ চৰকাৰ আৰু অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত প্ৰথমবাৰৰ বাবে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম স্মৰক বক্তৃতানুষ্ঠানৰ লগতে স্মৃতিচাৰণ সভা এখন আয়োজন কৰা হয়। এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগু। 

মুখ্য অতিথি ডা০ ৰণোজ পেগু
মুখ্য অতিথি ডা০ ৰণোজ পেগু

 

তাৰোপৰি স্মাৰক বক্তৃতা প্ৰদান কৰে বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে। আনহাতে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ চন্দ্ৰ ডেকা।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, সোমবাৰে পুৱা ১১-৩০ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটি অসম সংগীতেৰে শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে অনুষ্ঠানত উপস্থিত থকা অতিথিসকলে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে মাল্যৰ্পণ কৰে। 

অনুষ্ঠানত সাহিত্যিক তৰেণ বড়ো
অনুষ্ঠানত সাহিত্যিক তৰেণ বড়ো

 

ইয়াৰ পাছতে প্ৰমোদ বড়োৱে উপেন্দ্ৰ নাথ ব্ৰহ্ম স্মাৰক বক্তৃতা প্ৰদান কৰে। তেওঁ উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সন্দৰ্ভত বহু কথাই আজিৰ এই সভাত উল্লেখ কৰে। তাৰোপৰি বড়োসকলৰ বাবে উপেন্দ্ৰ নাথ ব্ৰহ্মই আগবঢ়োৱা অৱদানৰ কথাও তেওঁ উল্লেখ কৰে। 

তেওঁ কয়- বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম য’তে নাথাক কিয়, তাৰ পৰাই তেওঁ আমাক আশীৰ্বাদ দি থাকিব। সমাজ আগুৱাই নিয়াত নেতৃত্ব প্ৰদান কৰা বডোফাক সকলোৱে মনত ৰাখিব।

বড়ো নৃত্য
বড়ো নৃত্য

 

ভাষণ প্ৰসংগত তেওঁ প্ৰথমবাৰৰ বাবে কটন বিশ্ববিদ্যালয়ত বহল ভিত্তিত আয়োজিত উপেন্দ্ৰ নাথ ব্ৰহ্ম স্মাৰক বক্তৃতানুষ্ঠান আৰু স্মৃতিচাৰণ সভা আয়োজনত ৰাজ্য চৰকাৰে আগবঢ়োৱা সহযোগিতা আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাৰ শলাগ লয়। তাৰোপৰি বডোফাৰ নামত ৰাজ্যিক পৰ্যায়ৰ এটা অনুষ্ঠান আয়োজন কৰাৰ সুযোগ দিয়াৰ বাবে প্ৰমোদ বড়োৱে শিক্ষা বিভাগক ধন্যবাদ জনায়। 

প্ৰশান্ত ৰাজগুৰু
প্ৰশান্ত ৰাজগুৰু

 

একেদৰে সভাত উপস্থিত থকা মুখ্য অতিথি তথা শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে ভাষণ প্ৰদান কৰি কয়- উপেন্দ্ৰ নাথ ব্ৰহ্ম খুব কম বয়সত আমাৰ মাজৰ পৰা আঁতৰি গ’ল। তেখেতৰ যুগান্তকাৰী দৰ্শনৰ ভিত্তিতে বড়ো আন্দোলনৰ সফল পৰিসমাপ্তি ঘটিছিল। বডোফাই ঐক্যবদ্ধ অসমীয়া জাতিক একত্ৰিত কৰি ৰখাত অন্যতম ভূমিকা পালন কৰা বুলি উল্লেখ কৰি তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে প্ৰতি বছৰে তেওঁ জন্মদিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা অৱগত কৰে ডা০ পেগুৱে। তাৰোপৰি তেওঁ কয় আজিৰ এই দিনটোত এনেদৰে বডোফাক স্মৰণ কৰিবলৈ পায় সঁচাকৈ গৌৰাৱান্বিত।   

ইফালে আজিৰ এই সভাত ড০ ৰমেশ চন্দ্ৰ ডেকা আৰু জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱেও ভাষণ প্ৰদান কৰে। প্ৰশান্ত ৰাজগুৰুৱে কয়- বডোফাৰ মৃত্যু হোৱা ৩টা দশক পাৰ হৈ গ’ল। কিন্তু আমি তেখেতক এনেদৰে ৰাজহুৱাভাৱে স্মৰণ কৰাৰ সুযোগ পোৱা নাছিলো। এই সুযোগ প্ৰদান কৰাৰ বাবে তেওঁ অসম চৰকাৰ আৰু বি টি আৰ চৰকাৰক ধন্যবাদ জনায়। তাৰোপৰি বডোফাৰ জন্মদিনটো অসম চৰকাৰে ছাত্ৰ দিৱস হিচাপে ঘোষণা কৰা কাৰ্যক বিৰল পদক্ষেপ বুলি অভিহিত কৰে। 

অনুষ্ঠানত উপস্থিত থকা একাংশ
অনুষ্ঠানত উপস্থিত থকা একাংশ

 

উল্লেখযোগ্য যে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সমুদ্ৰ গুপ্ত কাশ্যপ আদিৰ দৰে বৰেণ্য ব্যক্তিসকল উপস্থিত এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়। বড়ো শিল্পীসকলে নৃত্য- গীত পৰিৱেশন কৰি অনুষ্ঠানটিক এক অনন্য মাত্ৰ প্ৰদান কৰে। কেৱল ইমানেই নহয়, বড়োসকলৰ লোক বাদ্য খাম-চিফুং- যোঠা- চেৰজাৰ ধ্বনিৰে মুখৰিত হৈ পৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহ। অনুষ্ঠানৰ শেষত ৰাষ্ট্ৰীয় সংগীতেৰ সভাৰ সামৰণি মৰা হয়।

dr ranoj pegu pramod bodo