/asomiyapratidin/media/media_files/2025/06/29/whatsapp-image-2025-06-29-20-21-45.jpeg)
ডিজিটেল ডেস্কঃ ৰাজধানী দিল্লীত বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ লক্ষ্যৰে কৃত্ৰিম বৰষুণৰ আশ্ৰয় ল'ব দিল্লী চৰকাৰে। ইয়াৰ অধীনত বতৰ অনুকূল হ’লে ৪ৰ পৰা ১১ জুলাইৰ ভিতৰত ডাৱৰ সৃষ্টি কৰিবলৈ ৰাসায়নিক পদাৰ্থ স্প্ৰে’ কৰা হ’ব বুলি শনিবাৰে জানিবলৈ দিয়ে দিল্লীৰ পৰিৱেশ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই।
মন্ত্ৰীগৰাকীয়ে কয় যে, এই সন্দৰ্ভত ইতিমধ্যে সকলো প্ৰস্তুতি আৰু প্ৰয়োজনীয় অনুমতি সম্পূৰ্ণ হৈছে। এতিয়া আমি কেৱল উপযুক্ত ডাৱৰৰ বাবে অপেক্ষাৰত । যেতিয়াই উপযুক্ত ডাৱৰ দৃষ্টিগোচৰ হ'ব, অভিযান আৰম্ভ কৰা হ'ব।
তেওঁ লগতে কয়, কৃত্ৰিম বৰষুণৰ অভিযানক লৈ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঞ্জুৰি প্ৰদান কৰিছে আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত ক্লাউড ছেডিঙৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। এই পাইলট প্ৰজেক্টটো প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ক্লাউড ছেডিঙৰ প্ৰযুক্তিগত ক্ষমতাৰ পৰীক্ষণ আৰু মূল্যাংকন আই আই টি কানপুৰৰ সহযোগত আৰম্ভ কৰা হ'ব।
উল্লেখ্য যে, কানপুৰ আই আই টিয়ে বায়ুমণ্ডলত ৰাসায়নিক পদাৰ্থ স্প্ৰে কৰাৰ পৰিকল্পনা সন্দৰ্ভত পুনেস্থিত ভাৰত বতৰ বিজ্ঞান বিভাগক কাৰিকৰী সমন্বয়ৰ বিষয়ে প্ৰকাশ কৰিছে। ডাৱৰৰ বাবে ৩ জুলাইলৈকে ৰাসায়নিক পদাৰ্থ স্প্ৰে কৰাৰ বাবে পৰিস্থিতি উপযুক্ত নহয় যদিও ৪ৰ পৰা ১১ জুলাইৰ ভিতৰত স্প্ৰে কৰাৰ সময় প্ৰস্তাৱ কৰা হৈছে বুলি মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই উল্লেখ কৰিছে।
ছিৰছাই আৰু কয় যে, এই পদক্ষেপ নগৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ এক ঐতিহাসিক পদক্ষেপ হিচাপে পৰিবেশন বিভাগে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰিছে। আমাৰ লক্ষ্য হৈছে দিল্লীবাসীক বিশুদ্ধ বতাহ দিয়া। সেইবাবেই আমি কৃত্ৰিম বৰষুণৰ এই সাহসী পদক্ষেপ লৈছো। আমি আশাবাদী যে ই এক অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিব।
উল্লেখ কৰা প্ৰয়োজন যে, আই আই টি কানপুৰৰ দলটোৱে Cessna বিমানত ফ্লেয়াৰ-বেছড ব্যৱস্থাৰে আয়'ডাইড, আয়'ডিন নিমখ আৰু ৰক ছল্ট মিশ্ৰণ কৰি বিশেষ মিশ্ৰণৰ প্ৰয়োগ কৰিব । এই অভিযানত মুঠ পাঁচবাৰ উৰণৰ পৰিকল্পনা কৰা হৈছে, য'ত প্ৰতিবাৰ উৰণ কমেও ১০০ বৰ্গ কিলোমিটাৰ অঞ্চলত একৰ পৰা ডেৰ ঘণ্টা পৰিচালনা কৰা হ'ব ।