ডিজিটেল ডেস্কঃ যশস্বী সংগীত পৰিচালক, সুদক্ষ শব্দ যন্ত্ৰী প্ৰয়াত ভূপেন উজীৰৰ প্ৰথম বাৰ্ষিক শ্ৰাদ্ধ উপলক্ষে গুৱাহাটীৰ গীতানগৰ দুৰ্গা মন্দিৰ প্ৰাংগনত দেওবাৰে অসমৰ সংগীত ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এখন গাম্ভীৰ্যপূৰ্ণ স্মৃতি চাৰণ সভা অনুষ্ঠিত হয়।
শিল্পীগৰাকীয়ে এৰি যোৱা পৰিয়ালৰ উদ্যোগত তেওঁৰ বাসভৱনত মাংগলিক শ্ৰাদ্ধানুষ্ঠান সমাপন কৰাৰ পিছত স্হানীয় দুৰ্গামন্দিৰত স্মৃতি চাৰণ অনুষ্ঠানটো অনুষ্ঠিত হয়। শিল্পী জনৰ পত্নী, জ্যেষ্ঠ কণ্ঠশিল্পী শান্তা উজীৰ, দুগৰাকী কন্যা প্ৰীতি স্মিতা, কীৰ্ত্তিকাৰ উপৰি নিকটাত্মীয় আৰু গুণগ্ৰাহীসকলে ভূপেন উজীৰৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পিছত আৰম্ভ হোৱা স্মৃতিচাৰণ পৰ্বৰ আঁত ধৰে বিশিষ্ট শব্দ যন্ত্ৰী, সুৰকাৰ ইবছন লাল বৰুৱাই।
উপস্থিত লোকসকলে ভূপেন উজীৰৰ শিল্পী হিচাপে থকা দক্ষতাৰ লগতে সংগীতৰ সমান্তৰালকৈ তেওঁৰ কাৰিকৰী জ্ঞান, নতুন চিন্তাৰ প্ৰতি সদা জাগ্ৰত আগ্ৰহ আৰু বিশেষকৈ তৰুণ চামক অনুপ্ৰেৰণা জগোৱাৰ মনোভাৱক বিভিন্ন উদাহৰণসহ সোঁৱৰে।
অনুষ্ঠানটোত কীৰ্তিকমল ভূঞা,জে পি দাস ,মণিষা হাজৰিকা,চাৰু কমল হাজৰিকা,সমৰ হাজৰিকা, মৃণাল চৌধুৰী, অৰূপ বৰবৰা,তৌফিক ৰহমান, বিপুল ৰাভা, ড° হিতেশ বৰুৱা, বিজয় দাস ,অনিমা চৌধুৰী, কুইন দাস, সন্ধ্যা মেনন,বিমল দেৱ মেধি,দিলীপ দাস, ডা° গণেশ ডেকা,ভদ্ৰ দাস, মানস হাজৰিকা ,মণি মহন্ত, উমেশ নাথ, বিদ্যা সাগৰ, অসীম জ্যোতি বৰুৱা আদিয়ে সুখ্যাত শিল্পী ভূপেন উজীৰক স্মৰণ কৰে।