Advertisment

জামুগুৰিহাটৰ `দ্যা টক্সিলা স্কুল’ৰ প্ৰথম বাৰ্ষিক অধিবেশন সম্পন্ন….

জামুগুৰিহাটৰ ধলাইবিলত বিগত বৰ্ষত প্ৰতিষ্ঠা হোৱা ব্যক্তিগত খণ্ডৰ বিদ্যালয় 'দ্যা টক্সিলা স্কুল'ৰ প্ৰথম বাৰ্ষিক বিদ্যালয় সপ্তাহ সমাৰোহৰ মূল সভাত গ্ৰন্থও উন্মোচন কৰা হয় ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  শনিবাৰে জামুগুৰিহাটৰ ``দ্যা টক্সিলা স্কুলৰ  " প্ৰথম বাৰ্ষিক অধিবেশন অনুষ্ঠিত কৰা হয় । জামুগুৰিহাটৰ ধলাইবিলত বিগত বৰ্ষত প্ৰতিষ্ঠা হোৱা ব্যক্তিগত খণ্ডৰ বিদ্যালয় 'দ্যা টক্সিলা স্কুল'ৰ প্ৰথম বাৰ্ষিক বিদ্যালয় সপ্তাহ সমাৰোহৰ মূল সভাত গ্ৰন্থও উন্মোচন কৰা হয় ।

Advertisment

নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি প্ৰাক্তন প্ৰশাসনিক বিষয়া ড° দিগন্ত বিশ্ব শৰ্মাই কয়, ‘’মৃত্যুৰ প্ৰাক মূহুৰ্তলৈকে আমি প্ৰত্যেক জন লোক একো একোজন ছাত্ৰ। শিকাৰ শেষ নাই । নিত্য নতুন চিন্তাৰে নতুন নতুন শিক্ষাৰে আমি শিক্ষিত হৈ গৈ থাকিব লাগিব। ভাৰত জ্ঞানৰ যজ্ঞ ভূমি । শিশুক শিক্ষিত কৰিব খুজিলে প্ৰথমে নিজে শিশু হ'ব লাগিব। তেতিয়াহে একোএকোজন শিক্ষিত মানুহ বুলি নিজকে পৰিচয় দিব পাৰিম ।‘’

ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিগত সপ্তাহযোৰা বিভিন্ন প্ৰতিযোগিতাৰ অন্ততঃ আজি অনুষ্ঠিত উক্ত মূলসভাতে অসম আন্দোলনৰ মূল হোতা তথা লেখক সাহিত্যিক পূৰ্ণ হাজৰিকাৰ দ্বাৰা প্ৰকাশিত "অসম আন্দোলন আৰু অন্যান্য" গ্ৰন্থখনৰ উন্মোচন কৰে ড° দিগন্ত বিশ্ব শৰ্মাই। 
এই অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলকৃত কৰি দিয়া ভাষন প্ৰসংগত বিধায়ক পদ্ম হাজৰিকাই কয়, ‘’সকলো দিশতে আমি নিজৰ লগতে নিজৰ সন্তানক আগবঢ়াই নিব লাগিব। কামৰ মাজেৰে জাতিটোৰ পৰিচয় দিব লাগিব । পথাৰ আৰু বজাৰ দখল কৰিব লাগিব।‘’

বিয়লি ৩ বজাৰ পৰা বিদ্যালয় প্ৰাংগনত সাহিত্য অকাডেমিৰ সৌজন্যত "গ্ৰামালোক" শীৰ্ষক এক বৌদ্ধিক অনুষ্ঠান অনুষ্ঠিত হ'য়। উক্ত অনুষ্ঠানত বিশিষ্ট কবি ষড়ানন দেৱ নাথে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে  ।

 

 

পদ্ম হাজৰিকা