অমৃত ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভণি, লামডিঙত আয়োজন বিশেষ অনুষ্ঠান

০৫৯৪৯ নম্বৰৰ ডিব্ৰুগড়–গুমটিনগৰ অমৃত ভাৰত এক্সপ্ৰেছ যাত্ৰীবাহী ৰে'লখন আজি পুৱা ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে শুভাৰম্ভণি কৰে।

author-image
Asomiya Pratidin
New Update
fghtyedtgfcghfhgghj

ডিজিটেল সংবাদ, লামডিংঃ লক্ষ্ণৌৰ গুমটিনগৰলৈ আজি প্ৰথমখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে'ল সেৱা মুকলি কৰা হয়। ০৫৯৪৯ নম্বৰৰ ডিব্ৰুগড়–গুমটিনগৰ অমৃত ভাৰত এক্সপ্ৰেছ যাত্ৰীবাহী ৰে'লখন আজি পুৱা ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে শুভাৰম্ভণি কৰে।

ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰা ৰে'লখন মৰাণহাট, শিমলুগুৰি, মৰিয়নি, ফৰকাটিং, ডিমাপুৰ, ডিফু, লামডিং, হোজাই, চাপৰমুখ, জাগীৰোড আদি ৰেল ষ্টেচনত যাত্ৰীবোৰৰ বাবে ষ্টপেজৰ সুবিধা লাভ কৰিব। ৰেলখন নিশা ১১.৫৫ বজাত গুৱাহাটী কামাখ্যা ষ্টেচনত উপস্থিত হ’ব বুলি জানিবলৈ দিয়া হৈছে।

এই উপলক্ষে লামডিং জংচনত অমৃত ভাৰত এক্সপ্ৰেছ ৰে'লখনৰ আদৰণিৰ এক বিশেষ অনুষ্ঠান আয়োজন কৰা হয়। লামডিং জংচনৰ প্লেটফৰ্ম নম্বৰ ৪ত অনুষ্ঠিত এই আদৰণি অনুষ্ঠানত সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় ৰে'ল মন্ত্ৰালয়ৰ যৌথ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, বিজেপিৰ মণ্ডল সভাপতি দেৱাশীষ গুপ্ত, পৌৰ সভানেত্ৰী সস্ত্ৰিকা ৰাউট, যুৱ মৰ্চাৰ কৰ্মকৰ্তা তথা বিজেপিৰ অন্যান্য সদস্যসকল।

Captureuiiuio

আনফালে ৰে'ল বিভাগৰ পক্ষৰ পৰা অতিৰিক্ত লামডিং মাণ্ডলিক প্ৰবন্ধক মিলন কুমাৰ সিং, অলক কুমাৰ চৰকাৰ, ৰে'ল মজদুৰ ইউনিয়ন আৰু ৰে'ল এমপ্লয়িজ ইউনিয়নৰ কৰ্মকৰ্তাসকলৰ লগতে লামডিং ৰে'ল মণ্ডলৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলো অনুষ্ঠানত উপস্থিত থাকে।

উল্লেখযোগ্য যে, ডিব্ৰুগড়–গুমটিনগৰ অমৃত ভাৰত এক্সপ্ৰেছ ৰে'ল সেৱা আৰম্ভ হোৱাৰ ফলত উত্তৰ-পূৰ্বাঞ্চল আৰু উত্তৰ ভাৰতৰ মাজত যাতায়াত অধিক সুগম হোৱাৰ লগতে যাত্ৰীবোৰ বিশেষভাৱে উপকৃত হ’ব বুলি আশা কৰা হৈছে।

ৰেল মন্ত্ৰণালয় ৰেল বিভাগ