/asomiyapratidin/media/media_files/2025/07/03/new-ap-web-1-7-2025-07-03-14-55-25.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তবৰ্তী জয়পুৰত নিশা সংঘটিত হয় এক গুলী চালনাৰ ঘটনা।উক্ত গুলীচালনাৰ ঘটনাত আহত হৈছে জয়পুৰৰ মিলকিয়ৰ মুছাহাৰী(লাডেন) নামৰ এজন যুৱক।
উক্ত গুলীচালনাৰ ঘটনাটোৰে জড়িত বিহাৰৰ এজন যুৱকক পিষ্টলসহ গ্ৰেপ্তাৰ কৰিছে গহপুৰ আৰক্ষীয়ে৷ ব্যৱসায়ী সংক্ৰান্তীয় কাৰণত জয়পুৰলৈ আহিছিল বিহাৰৰ দুজন যুৱক।
যুৱক দুজন হৈছে চন্দন কুমাৰ আৰু সুভাষ কুমাৰ।চন্দন কুমাৰক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ঘটনাস্থলীৰ পলায়ন কৰে সুভাষ কুমাৰে।
উল্লেখ্য যে গহপুৰৰ উত্তৰাঞ্চলত ভোট জলকীয়া খেতিৰে গহপুৰৰ যুৱকসকল স্বাৱলম্বিতাৰ দিশত এখোজ আগবাঢ়িছে।জয়পুৰ অঞ্চলৰ বহু যুৱকে কৰা এই ভোট জলকীয়াৰ খেতিৰ বিষয়ে নিজৰ নিজৰ ফেচবুক একাউণ্ট যোগে প্ৰচাৰ কৰে স্থানীয় একাংশ খেতিয়কে।
ফেচবুকৰ জৰিয়তে হোৱা এই প্ৰচাৰৰ বাবে ডিমাপুৰ, বিহাৰ আদি ঠাইৰ পৰা ভোট জলকীয়া কিনিবলৈ জয়পুৰলৈ আহিবলৈ লয় বহু বেপাৰী।পূৰ্বতে বিহাৰৰ উক্ত যুৱক দুজনো জয়পুৰলৈ আহিছিল ভোট জলকীয়া কিনাৰ বাবে।
সেই সূত্ৰে স্থানীয় বহু কৃষকৰ লগত বিহাৰৰ উক্ত যুৱকদ্বয়ৰ সম্পৰ্ক স্থাপন হয়।পৰহি নিশা বিহাৰৰ উক্ত যুৱক দুজন ব্যৱসায় সংক্ৰান্তীয় কামৰ বাবে আহে জয়পুৰৰ সুমিত নাৰ্জাৰীৰ ঘৰলৈ।
লক্ষণীয় ভাবে যোৱা নিশা বিহাৰৰ উক্ত যুৱক দুজনে জয়পুৰৰ এখন বিয়া ঘৰলৈ অনিমন্ত্ৰিত ভাবে বিয়া খাবলৈ যায়।তেতিয়া সময় প্ৰায় নিশা ১০-৩০ বাজিছিল।
বিয়া ঘৰত ভাত খাই উঠাৰ পিছতে বাহিৰলৈ আহি বিহাৰৰ উক্ত যুৱক দুজনৰ ভিতৰৰ চন্দন কুমাৰে কোনো কথাৰ অবতাৰণা নকৰাকৈ ওচৰতে থকা মিলকিয়ৰ মুছাহাৰীলৈ লক্ষ্য কৰি এজাই গুলী মাৰে।ফলত গুৰুতৰ ভাবে আহত হয় মিলকিয়ৰ বসুমতাৰী।
বৰ্তমান তেওঁ অৰুণাচলৰ চিমছ হাস্পতালত চিকিৎসাধীন হৈ আছে।ভোট জলকীয়া সং্ক্ৰান্তীয় ব্যৱসায়ৰ বাবে কিবা কথাৰ মতানৈক্য ঘটি উক্ত গুলীচালনাৰ ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।
ধৃত চন্দন কুমাৰক গ্ৰেপ্তাৰ কৰি জেৰা চলাই আছে আৰক্ষীয়ে।আৰক্ষীয়ে গুলীচালনাৰ ঘটনাটোত ব্যৱহৃত পিষ্টলটো জব্দ কৰিছে।ইপিনে-ধৃত চন্দন কুমাৰে অসাৱধান বশত উক্ত ঘটনাটো সংঘটিত হোৱা বুলি মত প্ৰকাশ কৰিছে যদিও স্থানীয় ৰাইজে তেওঁৰ কথাত পতিয়ন যোৱা নাই।
উক্ত পিষ্টলটোৰ কোনোধৰণৰ অনুজ্ঞাপত্ৰ নাই বুলি জানিব পৰা গৈছে।বিহাৰৰ যুৱক দুজনে ব্যৱহাৰ কৰা এ এছ ০৬ জে ১৫২০ নম্বৰৰ ৱাগনআৰ গাড়ীখনো জব্দ কৰিছে গহপুৰ আৰক্ষীয়ে।
বিহাৰৰ পৰা আহি গহপুৰৰ অতিকৈ ভিতৰুৱা ঠাই জয়পুৰত বিহাৰৰ যুৱকে পিষ্টলৰ গুলী ফুটাই সন্ত্ৰাস সৃষ্টি কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ গহপুৰত।