/asomiyapratidin/media/media_files/2025/08/17/1-2025-08-17-14-36-26.jpg)
ডিজিটেল ডেস্কঃ দেওবাৰে পুৱা গুৰুগ্ৰামত বিতৰ্কিত ইউটিউবাৰ তথা বিগবছ অ’টিটি বিজয়ী এলভিছ যাদৱৰ ঘৰত দুজন লোকে গুলীচালনা কৰে। এক মিনিটৰ চিচিটিভি ক্লিপটোত দেখা গৈছে যে, পুৱা প্ৰায় ৫:৩০ বজাত এলভিছ যাদৱৰ ঘৰৰ বাহিৰত ৩ দুৰ্বৃত্ত বাইকেৰে আহি উপস্থিত হয়।
কেইমিনিটমান পিছত দুই দুৰ্বৃত্তই ইউটিউবাৰ জনৰ ঘৰত গুলীচালনা কৰা আৰম্ভ কৰে। এজন অভিযুক্তই ঘৰটোৰ মূল গেটত থিয় হৈ গুলীচালনা কৰা চিচিটিভি ফুটেজত দেখা পোৱা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, এলভিছৰ ঘৰত দুৰ্বৃত্তই ২৫টাতকৈ অধিক গুলীচালনা কৰে।
তাৰ পাছত লোক কেইজনে সেই স্থান পৰিত্যাগ কৰে। ইফালে উক্ত ঘটনা সংঘটিত হোৱাৰ সময়ছোৱাত এলভিছ ঘৰত নাছিল। তেওঁ কোনো কামৰ বাবে হাৰিয়ানাৰ বাহিৰলৈ যোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে ঘৰৰ তত্ত্বাৱধায়ক আৰু পৰিয়ালৰ কিছু সদস্য ভিতৰত আছিল যদিও কোনো লোক আহত হোৱা নাই।
ঘটনাৰ কেইঘণ্টামান পিছতে কুখ্যাত হিমাংশু ভাউ চক্ৰটোৱে ছ’চিয়েল মিডিয়াত এটা পোষ্টযোগে ইউটিউবাৰজনক জুৱাৰ প্ৰচাৰৰ অভিযোগ উত্থাপন কৰি গুলীচালনাৰ দায়িত্ব ল’লে। পোষ্টটোত দুটা বন্দুকৰ চিত্ৰ আৰু 'BHAU GANG SINCE 2020' লিখা আছিল। এই গেংটোৰ নেতৃত্বত আছে পৰ্তুগালৰ পলাতক গেংষ্টাৰ হিমাংশু ভাউ।
সমগ্ৰ ঘটনা সন্দৰ্ভত এলভিছৰ পিতৃ ৰাম অৱতাৰ যাদৱে কয়, "আমি পুৱা প্ৰায় ৫.৩০ বজাত গুলীচালনাৰ শব্দ শুনিলো। বাহিৰলৈ আহি চাওঁতে দেখিলো যে দুৰ্বৃত্তই আমাৰ ঘৰলৈ গুলী নিক্ষেপ কৰিছে। তাৰ পিছত আমি লগে লগে চিচিটিভি পৰীক্ষা কৰি আৰক্ষীক খবৰ দিলো।
উল্লেখ কৰা প্ৰয়োজন যে,গুলীচালনাৰ দায়িত্ব স্বীকাৰ পৰা গেংটোৰ অভিযোগ সন্দৰ্ভত এলভিছৰ পিতৃয়ে কয় যে, মোৰ পুত্ৰ এলভিছ জুৱাৰ প্ৰচাৰৰ সৈতে জড়িত থকাৰ সন্দৰ্ভত মই জ্ঞাত নহয়। এই পৰ্যন্ত আৰক্ষীত গোচৰ ৰুজু কৰা নাই এলভিছৰ পৰিয়ালে।