মঙলদৈৰ ৫ নং ৱাৰ্ডত অগ্নিকাণ্ড : কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ

মঙলদৈ চহৰৰ ৫ নং ৱাৰ্ডত শুকুৰবাৰে দুপৰীয়া এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । অগ্নিকাণ্ডত জাহ যায় চাৰিটাকৈ বাসগৃহৰ লগতে তিনিটা গেছ চিলিণ্ডৰ মুহূৰ্তত বিস্ফোৰণ হয় । 

author-image
Asomiya Pratidin
New Update
dgdf

ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈ চহৰৰ ৫ নং ৱাৰ্ডত শুকুৰবাৰে দুপৰীয়া এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । অগ্নিকাণ্ডত জাহ যায় চাৰিটাকৈ বাসগৃহৰ লগতে তিনিটা গেছ চিলিণ্ডৰ মুহূৰ্তত বিস্ফোৰণ হয় । 

Advertisment

জুইৰ উৎস এতিয়াও ধৰিব পৰা হোৱা নাই যদিও চাৰিখনকৈ অগ্নি নিৰ্বাপক বাহিনী গাড়ীৰে জুই নুমাবলৈ চেষ্টা চলাই থকা হৈছে। মঙলদৈ ৫ নং ৱাৰ্ডৰ মইনুল হ’কৰ ঘৰৰ পৰা কেইবাঘৰ পৰিয়াললৈ সম্প্ৰসাৰণ হৈছে জুই ৷ ইফালে অগ্নিকাণ্ডৰ ফলত এজন ব্যক্তি অগ্নিদগ্ধ হৈছে ৷ ইতিমধ্যে মঙলদৈ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে মুকুট আলি নামৰ লোকজনক৷

mangaldai