ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ বাসুগাঁও থানাৰ অন্তৰ্গত ২ নং পাখ্ৰীগুৰি টিলাপাৰত সোমবাৰে পুৱা ১০ বজাত এখন চলন্ত বাহনত অগ্নিকাণ্ড সংঘটিত হয় । খেৰ কঢ়িয়াই নি থকা অৱস্থাত AS 26 AC 1979 পঞ্জীয়ন নম্বৰৰ টাটা এচি বাহনত এই অগ্নিকাণ্ড সংঘটিত হয়।
চলন্ত বাহনত অগ্নিকাণ্ড প্ৰত্যক্ষ কৰি অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হয় । জানিব পৰা মতে খেৰ কঢ়িয়াই নি থকা অবস্থাতে বাহনখনৰ ইঞ্জিনত জুঁইৰ সূত্ৰপাত হয় আৰু পিছলৈ সেই জুঁইয়ে সমগ্ৰ বাহনখন আগুৰি ধৰে ।
পিছত চালকজনৰ উপস্থিত বুদ্ধি আৰু স্থানীয় লোকৰ তৎপৰতাত জুঁই নিৰ্বাপিত কৰি বৃহৎ ক্ষতিৰ পৰা ৰক্ষা পৰে । খবৰ লাভ কৰি ঘটনাস্থলীত বাসুগাঁও থানাৰ আৰক্ষীৰ লোক উপস্থিত হৈছে ।