/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6c5d55d2-4c72-4622-a1a7-5388253076d4/8.jpg)
ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ আৰক্ষী থানাৰ সন্মুখত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। থানাৰ সন্মুখতেই পেট্ৰল ভৰ্তি টেংকাৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ উক্ত ঘটনাটোত ওচৰতে থকা দুটা পৰিয়ালৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰে৷ ঘটনাস্থলীত জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, বিধায়ক, আৰক্ষীৰ দল উপস্থিত হয়৷
বুধবাৰে পুৱা ৰঙিয়া-তামুলপুৰ-ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰে শিলিগুৰিৰ পৰা ভূটানলৈ আহি থাকোতে তামুলপৰ থানাৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিছিল পেট্ৰল ভৰ্তি টেংকাৰখন ৷ আৰক্ষীয়ে বাহনখন উঠাই আনিবলৈ প্ৰয়াস কৰোতেই সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। অৱশ্যে অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ৷
Also Read: মন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাতত বাৰীৰ বাঁহেৰে দলং নিৰ্মাণ কৰিলে ৰাইজে...