/asomiyapratidin/media/media_files/2025/06/12/d9JCPFKnwuS4P6rGG5I5.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ অ’এনজিচিৰ শিৱসাগৰৰ ৰূদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ ১৪৭ নং প্ৰাইভেট ৰিগত আজি দুপৰীয়া এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয় ৷ ৰীগৰ পৰা প্ৰচণ্ড শব্দ আৰু তীব্ৰ গতিৰে নিৰ্গত হৈছে খাৰুৱা তেল মিশ্ৰিত প্ৰাকৃতিক গেছ ৷
চাৰি কিলোমিটাৰ নিলগৰ পৰা শুনা গৈছে গেছ নিৰ্গত হোৱাৰ শব্দ ৷ বিস্ফোৰণৰ পিছতেই আতংকিত গাঁওবাসী নিৰাপদ স্থানলৈ পলায়ন কৰাবলৈ বাধ্য হয় ৷ এচ কে পেট্ৰকেমিকেল নামৰ প্ৰতিস্থানটোৰ ৰীগ আছিল ৷ ঘটনাস্থলীলৈ বিভিন্ন স্থানৰ পৰা আগমণ ঘটিছে অগ্নিনিৰ্বাপক বাহনৰ ৷ এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে ভটীয়াপাৰৰ বাৰীচুকত ৷