পুলিচ বজাৰৰ শ্বপিং মলত অগ্নিকাণ্ড...

পুলিচ বজাৰৰ শ্বপিং মলত অগ্নিকাণ্ড...

author-image
Asomiya Pratidin
New Update
পুলিচ বজাৰৰ শ্বপিং মলত অগ্নিকাণ্ড...

ডিজিটেল ডেস্কঃ দেওবাৰে প্ৰায় ১০ বজাত শ্বিলংস্থিত পুলিচ বজাৰৰ অ’বি শ্বপিং মলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি শ্বপিং মলটোৰ ওপৰত অৱস্থিত এখন হোটেলত হোৱা শ্বৰ্ট চাৰ্কিটৰ পৰা জুইৰ সূত্ৰপাত হয়। যিহেতু পুৱাৰ সময় আছিল সেয়ে ঘটনাস্থলীত মানুহৰ বিশেষ ভিৰ নাছিল।

Advertisment

এই পৰ্যন্ত ঘটনাত কোনো লোক আহত হোৱাৰ তথ্য পোৱা নাই। ইয়াৰোপৰি সা-সম্পত্তিৰ ক্ষতিৰ বিষয়েও কোনো তথ্য লাভ কৰা নাই। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন,শ্বিলঙৰ আৰক্ষী অধীক্ষক ডাৰউইন এম চাংমাই নিশ্চিত কৰিছে যে,যিহেতু এইটো এটা সামান্য অগ্নিকাণ্ড আছিল সেই অনুসৰি জুইক ইতিমধ্যে নিয়ন্ত্ৰণলৈ অনা হৈছে।

Also Read: নলবাৰীৰ তন্ত্ৰশঙ্কৰাৰ "শ্ৰীশ্ৰী ক'লীয়া ঠাকুৰ সত্ৰ"ৰ নৱনিৰ্মিত মুখ্যদ্বাৰ উদ্ঘাটন

shillong