/asomiyapratidin/media/media_files/2025/02/01/qb6TBbTRDsEvaHywfDCX.jpg)
গীতা মন্দিৰৰ সমীপত অঘটন
ডিজিটেল ডেস্ক : মহানগৰীৰ গীতা নগৰ থানাৰ অন্তৰ্গত গীতা মন্দিৰৰ সমীপত সংঘটিত হৈছে এক অনাকাঙ্খিত ঘটনা। শনিবাৰে দিনৰ ভাগত টাটা এ চি বাহন এখনত জুই লাগি লক্ষাধিক টকাৰ খাদ্য সামগ্ৰী বিনষ্ট হয়। ইয়াৰ উপৰি বাহনখনৰো যথেষ্ট পৰিমাণে ক্ষতিসাধন হয়।
/asomiyapratidin/media/media_files/2025/02/01/ojcupdR6VAE5m7kkxdQd.jpg)
আকাশ ট্ৰেডিং কোম্পানীৰ অধীনত থকা বাহনখনে ফটাশিল আমবাৰীৰ দিশৰ পৰা নুনমাটী এলেকাৰ দোকানত খাদ্য সামগ্ৰী যোগান ধৰিবলৈ আহি থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে বাহনখনৰ ইঞ্জিনত জুইৰ সূত্ৰপাত হৈ সংঘটিত হয় এই অবাঞ্চিত ঘটনাটো।
/asomiyapratidin/media/media_files/2025/02/01/cuXKu1EosqYpf7X24C01.jpg)
উল্লেখযোগ্য যে জুই লগা বাহনখনৰ পঞ্জীয়ন নম্বৰ হৈছে- এ এছ ২৫ চি চি ২২৪৫। ইতিমধ্যে ঘটনাস্থলীৰ পৰা বাহনখন স্থানীয় আৰক্ষীয়ে থানালৈ লৈ গৈছে ।