Advertisment

ওদালগুৰিত অগ্নিকাণ্ড : জুই জাহ গ’ল গীৰ্জাঘৰ

উক্ত ঘটনা সন্দৰ্ভত অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে যদিও কি কাৰণত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হ'ল সেয়া জানিব পৰা হোৱা নাই।

author-image
Asomiya Pratidin
New Update
জুই জাহ গ’ল গীৰ্জাঘৰ

জুই জাহ গ’ল গীৰ্জাঘৰ

ডিজিটেল সংবাদ, ওদালগুৰি : বুধবাৰে নিশা ওদালগুৰি চহৰৰ সমীপৱৰ্তী অম্বাগাঁৱৰ ঝকৰাত এটি গীৰ্জাঘৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত নিমিষতে গীৰ্জাঘৰটো জুয়ে আগুৰি ধৰাত সম্পূৰ্ণৰূপে জাহ যায়। 

Advertisment

উল্লেখযোগ্য যে নিশা প্ৰায় ১০-৩০ বজাত সংঘটিত হয় এই ঘটনা। ইফালে এই ঘটনাক একাংশই সন্দেহৰ চকুৰে চোৱা পৰিলক্ষিত হৈছে। কোনো অচিনাক্ত দুৰ্বৃত্ত‌ই গীৰ্জাঘৰটোত অগ্নিসংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। 

উক্ত ঘটনা সন্দৰ্ভত অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে যদিও কি কাৰণত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হ'ল সেয়া জানিব পৰা হোৱা নাই।

udalguri