/asomiyapratidin/media/media_files/2024/12/21/3wILZ6ghtS3niqol2ZnQ.jpg)
jui
ডিজিটেল ডেস্কঃ আজি পুৱাই লামডিঙত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। লামডিঙৰ সুভাষ পল্লীত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাত এটা বাসগৃহৰ কেইবাটাও কোঠালী জুইত জাহ যোৱাৰ লগতে কেইবালাখ টকাৰ সা-সম্পত্তি ক্ষতি সাধন হৈছে।
অঞ্চলটোৰ নিৱাসী তথা লামডিঙৰ এগৰাকী বিশিষ্ট চিকিৎসক সুভাষ চন্দ্ৰ দেৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড। ঘটনাস্থলীত সময়মতে অগ্নিনিৰ্বাপক বাহীনি আৰু লামডিং আৰক্ষী উপস্থিত হোৱাৰ ফলত সমগ্ৰ অঞ্চলটোৰ বিস্তৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা পৰে৷
সন্দেহ অনুসৰি বৈদ্যুতিক চৰ্ত শ্বাৰ্কিটৰ বাবেইএই ঘটনা সংঘটিত হ'ল ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us