লংকা বজাৰত অগ্নিকাণ্ড : কথমপি ৰক্ষা পৰিল আৰক্ষী থানা...

শনিবাৰে লংকা বজাৰত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। বজাৰখনৰ পিছফালে জমা কৰি ৰখা জাবৰৰ দ’মত পুৱতি নিশা জুইৰ সূত্ৰপাত ঘটে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

author-image
Asomiya Pratidin
New Update
তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...

ডিজিটেল সংবাদ, লংকা : শনিবাৰে লংকা বজাৰত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা। বজাৰখনৰ পিছফালে জমা কৰি ৰখা জাবৰৰ দ’মত পুৱতি নিশা জুইৰ সূত্ৰপাত ঘটে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে। ইয়াৰ পাছতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক আহি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

অৱশ্যে অগ্নিকাণ্ডৰ ঘটনাত কোনো লোকৰ ক্ষয়-ক্ষতি হোৱা নাই যদিও কথমপি ৰক্ষা পৰে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে আৰক্ষী থানা। তাৰোপৰি ৰক্ষা পৰে লংকা বজাৰৰ ওচৰতে থকা ৰাজহুৱা আৱাসগৃহ, লংকা পৌৰসভাৰ কাৰ্য্যলয়কে ধৰি আৰক্ষীৰ আৱাসগৃহ।

উল্লেখযোগ্য যে, বিগত কেইবাদিন ধৰি ব্যৱসায়ীসকলে জাবৰৰ দ’মটো আঁতৰাবলৈ পৌৰসভাক অনুৰোধ কৰি আহিছিল যদিও কোনো কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰে।

lanka