হাস্পাতালত ভয়াবহ অগ্নিকাণ্ড, ৮ জনৰ মৃত্যু, ৩জনক সংকটজনক অৱস্থাত উদ্ধাৰ…

হাস্পাতালত ভয়াবহ অগ্নিকাণ্ড, ৮ জনৰ মৃত্যু, ৩জনক সংকটজনক অৱস্থাত উদ্ধাৰ…

author-image
asomiyapratidin
New Update
হাস্পাতালত ভয়াবহ অগ্নিকাণ্ড, ৮ জনৰ মৃত্যু, ৩জনক সংকটজনক অৱস্থাত উদ্ধাৰ…

ডিজিটেল ডেস্ক: মধ্য প্ৰদেশত এখন চিকিৎসালয়ত হোৱা অগ্নিকাণ্ডত অতি কৰুণভাৱে ৮ জন লোকে প্ৰাণ হেৰুৱাইছে। জবলপুৰ নগৰৰ দমোহনাকা নামৰ ঠাইত থকা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় খনত এই অগ্নিকাণ্ড সংঘটিত হয়। জবলপুৰৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে ৮ জন লোকৰ মৃত্যু হোৱাৰ উপৰিও আন ৩ জন লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে।

Advertisment

সন্দেহ কৰা হৈছে শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। আৰক্ষী আৰু উদ্ধাৰকাৰী দলে হস্পাতালখনৰ ভিতৰভাগত আৱদ্ধ হৈ থকা আন লোক সকলক উদ্ধাৰৰ বাবে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

নিউ লাইফ মাল্টি স্পেচিয়েলিটি হস্পাতালত এই অগ্নিদদ্ধৰ ফলত বিস্তৰ ক্ষয় ক্ষতি হৈছে। ১০ খনৰো অধিক অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাবৰ বাবে কেইবাঘন্টা ধৰি চেষ্টা কৰিব লগা হয়।

আৰু পঢ়ক: মঙলদৈ পৌৰসভাত পতাকা বিক্ৰীৰ প্ৰস্তুতি…

fire madhya pradesh dead hospital