মঙলদৈ ৫ নং ৱাৰ্ডত বিধ্বংসী অগ্নিকাণ্ডঃ ৩ টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ

শুকুৰবাৰে দুপৰীয়া মঙলদৈ চহৰৰ ৫ নং ৱাৰ্ডত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। জানিব পৰা মতে শুকুৰবাৰে দুপৰীয়া অগ্নিকাণ্ডত জাহ যায় চাৰিটাকৈ বাসগৃহ। 

author-image
Asomiya Pratidin
New Update
মঙলদৈত অগ্নিকাণ্ড

ডিজিটেল সংবাদ,মঙলদৈঃ শুকুৰবাৰে দুপৰীয়া মঙলদৈ চহৰৰ ৫ নং ৱাৰ্ডত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। জানিব পৰা মতে শুকুৰবাৰে দুপৰীয়া অগ্নিকাণ্ডত জাহ যায় চাৰিটাকৈ বাসগৃহ। 

Advertisment

অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে বিস্ফোৰণ হয় আৱাসগৃহ কেইটাত থকা ৩ টাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ। কিন্তু কিদৰে এই অগ্নিকাণ্ড সংঘটিত হয় সেয়া এতিয়াও জানিব পৰা হোৱা নাই। 

অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ ৫ খনকৈ বাহনে জুই নিৰ্বাচনৰ বাবে চেষ্টা চলায়। পৰৱৰ্তী সময়ত জুই নিৰ্বাপিত হয় যদিও বহু সা-সম্পত্তি ধ্বংস হৈছে।

জানিব পৰা মতে মইনুল হকৰ ঘৰত প্ৰথমে সংঘটিত হোৱা অগ্নিকাণ্ড পৰৱৰ্তী সময়ত কাষৰ মইনুল আলী, মকলেচ আলী আৰু মুকুট আলীৰ গৃহলৈয়ো সম্প্ৰসাৰিত হয়। ধাৰণা কৰা অনুসৰি ইলেকট্ৰিক চক চাৰ্কিটৰ ফলতে জুইৰ সুত্ৰপাত হোৱাৰ সম্ভাৱনা প্ৰৱল। 

এই অগ্নিকাণ্ডত মুকুট আলী নামৰ লোকজনো অগ্নিদগ্ধ হৈছে৷ ইতিমধ্যে তেওঁক মঙলদৈ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে।অগ্নিকাণ্ডৰ ফলত ক্ষয় ক্ষতিৰ পৰিমান কিমান সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও কেইবালাখ টকাৰ সম্পত্তি যে জুইত জাহ গৈছে সেয়া স্পষ্ট। 

 

অগ্নিকাণ্ড মঙলদৈ