দুৰ্বৃত্তৰ অগ্নিসংযোগ, বন বিভাগৰ নিৰ্লিপ্ত ভূমিকা! জ্বলিছে বনজ সম্পদ, বন্যপ্ৰাণীলৈ ভাবুকি

জামুগুৰিহাটৰ খলিহামাৰী গাঁৱৰ বাঁহ বাৰীত দুৰ্বৃত্তই কৰে অগ্নিসংযোগ। অগ্নিকাণ্ডৰ ফলত পাঁচশ দালৰো অধিক বাঁহ জাহ গ'ল জুইত। ইফালে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্য্যালয়ৰ সংৰক্ষিত বনাঞ্চলত এচাম অসাধু ব্যক্তিয়ে বনাঞ্চলত লগালে জুই।

author-image
Asomiya Pratidin
New Update
জ্বলিছে বনজ সম্পদ

জ্বলিছে বনজ সম্পদ

ডিজিটেল সংবাদ: জামুগুৰিহাটৰ খলিহামাৰী গাঁৱৰ বাঁহ বাৰীত দুৰ্বৃত্তই কৰে অগ্নিসংযোগ। অগ্নিকাণ্ডৰ ফলত পাঁচশ দালৰো অধিক বাঁহ জাহ গ'ল জুইত। এখন বাঁহ বাৰীত নিশা দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ ফলত সম্পূৰ্ণৰূপে ভষ্মিভুত হল বাঁহসমূহ। দুজোপা বাঁহত অগ্নিসংযোগ কৰাৰ ফলত বৃহৎ জুইয়ে আগুৰি ধৰে বাঁহনিখন। গাঁওখনৰ যতীন বৰুৱা আৰু দ্বীপেন ভূঞা নামৰ ব্যক্তি দুজনৰ ঘৰৰ পিছফালৰ বাৰীখনত থকা বাঁহগছত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত বাঁহৰ মাজত আশ্ৰয় লৈ থকা চৰাই চিৰিকটিৰ মৃত্যুৰ মুখত পৰাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। এই ঘটনাক একেমুখে ধিক্কাৰ দিছে গাঁওবাসীয়ে।

Advertisment

ইফালে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্য্যালয়ৰ সংৰক্ষিত বনাঞ্চলত এচাম অসাধু ব্যক্তিয়ে বনাঞ্চলত লগালে জুই। ফলত বনজুইয়ে চানি ধৰে সমগ্ৰ অঞ্চল। এই বনজুই বিস্তৰ এলেকালৈ সম্প্ৰসাৰণ হোৱাত জীৱকুল আৰু নতুনকৈ গঁজালি ওলোৱা গছপুলিৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। ইমানৰ পিছতো পৰ্বতঝোৰাৰ বন বিভাগৰ নিৰ্লিপ্ত ভূমিকাই প্ৰকৃতিপ্ৰেমীক ক্ষোভিত কৰি তুলিছে। প্ৰকৃতিপ্ৰেমী সচেতন ৰাইজে এই বনজুই নিয়ন্ত্ৰণ কৰি জীৱকুল আৰু বন সুৰক্ষা দিয়াৰ বাবে বন বিভাগক দাবী উত্থাপন কৰিছে।

assam forest dpt assam forest department forest jamugurihat news jamugurihat fire kokrajhar