অপশব্দৰ পাছত এইবাৰ ডিপফেকঃ কংগ্ৰেছ আই টি চেলৰ বিৰুদ্ধে গোচৰ ৰুজু...

যোৱা ১০ ছেপ্টেম্বৰত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰা এই ভিডিঅ’টোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃক সপোনত আহি প্ৰধানমন্ত্ৰী মোডীক কথাবোৰ বুজাই দিয়া দেখা গৈছে বুলি অভিযোগ উঠিছে।

New Update
1

ডিজিটেল ডেস্কঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ প্ৰয়াত মাতৃৰ এ আই জেনেৰেটেড "ডিপফেক" ভিডিঅ' ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰি বিপদত বিহাৰ কংগ্ৰেছ আই টি চেল। অভিযুক্তৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে।

উক্ত গোচৰ অধীনত কেইবাটাও ধাৰাত কংগ্ৰেছ আই টি চেলৰ অজ্ঞাত নেতাৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰা হৈছে। শুকুৰবাৰে নৰ্থ এভিনিউ থানাত বিজেপিৰ দিল্লী নিৰ্বাচনী কোষৰ আহ্বায়ক সংকেত গুপ্তাই এজাহাৰ দাখিল কৰে।

তেওঁ অভিযোগ কৰে যে এই ভিডিঅ’টোৱে প্ৰধানমন্ত্ৰীৰ ভাবমূৰ্তি কলংকিত কৰাৰ লগতে মহিলাৰ আইন, নৈতিকতা আৰু মৰ্যাদাক গুৰুতৰভাৱে উলংঘা কৰিছে। অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে বিএনএছৰ ধাৰা ৩৩৬ (জাল), ৩৪০ (২) (জাল নথি বা ইলেক্ট্ৰনিক ৰেকৰ্ড আৰু ইয়াক প্ৰকৃত হিচাপে ব্যৱহাৰ), ৩৫২ (শান্তি ভংগৰ উদ্দেশ্যেৰে ইচ্ছাকৃতভাৱে অপমান), ৩৫৬ (২) (মানহানি) আৰু ধাৰা ৬১ (২) (অপৰাধমূলক ষড়যন্ত্ৰ)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

উল্লেখযোগ্য যে, যোৱা ১০ ছেপ্টেম্বৰত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰা এই ভিডিঅ’টোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃক সপোনত আহি প্ৰধানমন্ত্ৰী মোডীক কথাবোৰ বুজাই দিয়া দেখা গৈছে বুলি অভিযোগ উঠিছে।

এআইয়ে সৃষ্টি কৰা এই ৩৬ ছেকেণ্ডৰ এই ভিডিঅ’টো ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে আৰু বিজেপিয়ে ইয়াক প্ৰধানমন্ত্ৰী মোডীৰ ওপৰত ব্যক্তিগত আক্ৰমণ বুলি ভাবে। অৱশ্যে কংগ্ৰেছে ভিডিঅ’টোৰ পক্ষ লৈ কয় যে, এই ভিডিঅ’টোৱে কাকো অপমান কৰা পৰিলক্ষিত হোৱা নাই।

আনহাতে নৰ্থ এভিনিউ থানাত দাখিল কৰা অভিযোগত এই ভিজুৱেলসমূহক অপমানজনক বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী মোডীৰ মাতৃ আৰু সাধাৰণতে মাতৃত্বৰ মৰ্যাদাক অপমান কৰা বুলি দাবী কৰা হৈছে। 

নৰেন্দ্ৰ মোডী