ডিজিটেল সংবাদ, গোলাঘাট: নিলম্বিত গোলাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকাৰ নতুন বিপদ। এইবাৰ আৰক্ষী বিষয়া ৬০ লাখ টকাৰ উৎস আৰু সম্পত্তিৰ তালিকা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে দুৰ্নীতি নিবাৰক প্ৰকৃতি সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতিয়ে। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে বিতৰ্কিত চুমি বৰাৰ জৰিয়তে ৬০ লাখ টকা বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙত বিনিয়োগ কৰিছিল জিতুমণি ডেকাই। তেনে কোনো অভিযোগৰ বাবেই জিতুমণি ডেকাক নিলম্বন কৰিলে অসম আৰক্ষীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-10/4m2osniw/3c5ab7ca-92b4-4074-9dd1-23021b50930a.jpg)
কিন্তু কেৱল নিলম্বন কৰিয়েই দ্বায়িত্ব সামৰি নাথাকি জিতুমণি ডেকাৰ ওচৰত অহা ৬০ লাখ টকাৰ উৎস আৰু তেওঁৰ বৈধ-অবৈধ সকলো সম্পত্তি সন্দৰ্ভত এক তদন্ত কৰি প্ৰয়োজনত গোচৰ ৰুজু কৰিবলৈ অসম আৰক্ষীক দাবী সংগঠনটোৰ সভাপতি নিতুল শইকীয়াৰ। গোলাঘাট আৰক্ষী থানাত এই এজাহাৰ দাখিল কৰিলে নেতাজনে।