ডিজিটেল সংবাদ, শিৱসাগৰঃ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰশজ্যোতি দাসে গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত বুধবাৰে এখন এজাহাৰ দাখিল কৰে ।
সংসদৰ মজিয়াত ভাৰতৰ সংবিধান প্ৰণেতা ড° বাবাচাহেব ভীমৰাও আম্বেদকাৰৰ বিৰোদ্ধে কৰা আপত্তিজনক মন্তব্যৰ বিৰোদ্ধে জাঙুৰ খাই উঠে সংগঠনটোৰ নেতৃত্ব।
সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক পৰশজ্যোতি দাসৰ নেতৃত্বত এটা দলে আজি বিয়লি সদৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ৷ সংগঠনটোৰ নেতাই অভিযোগ উত্থাপন কৰি উল্লেখ কৰে যে, সংবিধান প্ৰণেতা গৰাকীক অপমান কৰিছে গৃহমন্ত্ৰীয়ে৷ গৃহমন্ত্ৰী মন্ত্ৰী গৰাকীয়ে লগতে নিজৰ পদমৰ্যদা আৰু সংবিধানকো চূড়ান্ত অপমান কৰিছে ৷