/asomiyapratidin/media/media_files/2025/06/30/kherani-30-2025-06-30-23-13-05.jpg)
ডিজিটেল সংবাদ খেৰণিঃ ৰাজ সাহায্যযুক্ত ৫০ লাখ টকীয়া দুগ্ধ আঁচনিৰ তালিকাত মন্ত্ৰী পত্নীৰ নাম থকাকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে পোহৰলৈ আহিছিল গৰুখুঁটি কৃষি প্ৰকল্পৰ গীৰ গাইৰ আন এক কেলেংকাৰী।
গৰুখুঁটি কৃষি প্ৰকল্পলৈ অনা ৩০০ গীৰ গাইৰ ৯০ জনীয়েই ৰঙিয়াৰ পৰা লৈ গৈছিল একাংশ জনপ্ৰতিনিধি আৰু জনপ্ৰতিনিধিৰ ঘনিষ্ঠই। এই ঘটনা পোহৰলৈ অহাৰ পিছতেই দুয়োটা ঘটনাৰ সৈতেই জড়িত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে আৰু এই কেলেংকাৰীৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ হৈছে।
আজি সমগ্ৰ অসমত কংগ্ৰেছে জয়ন্ত মল্ল বৰুৱা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এই ঘটনাৰ তদন্তৰো দাবী কৰিছে। তাৰ মাজতেই ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে দাখিল কৰা হৈছে গোচৰ।
পশ্চিম কাৰ্বি আংলম জিলাৰ খেৰণি আৰক্ষী চকীতো পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছ আৰু জিলা যুৱ কংগ্ৰেছেও মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে দাখিল কৰিলে গোচৰ। দাখিল কৰা এই এফ আই আৰত জয়ন্ত মল্ল বৰুৱা আৰু তেওঁৰ সতীৰ্থ জনপ্ৰতিনিধিয়ে কিদৰে আইন উলংঘন কৰিছে সেই সন্দৰ্ভত সবিশেষ উল্লেখ কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।