/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/7af73bc2-2d52-4a24-9efe-8a56b4756350/WhatsApp_Image_2022_09_15_at_07_11_14.jpeg)
narengi narengi
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ পাঞ্জাৱাৰীত সেনা বিষয়া নামিছে বনজ সম্পদ ধ্বংসৰ অভিযানত। এছকেভেটৰ আৰু ড্ৰেজাৰেৰে পাহাৰ খহাই প্ৰকৃতি ধ্বংসৰ লগতে পুতি পেলাইছে জলাশয়।
পাঞ্জাবাৰীৰ অমূল্য নগৰৰ বিকাশ শৰ্মা নামৰ লোকজনে দাখিল কৰা অভিযোগ অনুসৰি নাৰেঙ্গীস্থিত সেনা চাউনীৰ ষ্টেচন হেড কোৱাৰ্টাৰৰ কৰ্ণেল এছ এছ জামৱাল নামৰ সেনা বিষয়াজনে অকৰ্তৃত্বশীল আৰু বিপদজনক ভাৱে পাহাৰ ধ্বংসৰ অভিযানত নামিছে। যোৱা ৪ মাহ ধৰি সেনা বিষয়াজনে জিলা প্ৰশাসনে পাহাৰ কটা কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰা স্বত্বেও এছকেভেটৰ আৰু ড্ৰেজাৰৰ সহায়ত পাহাৰৰ বহু অংশ কাটি খহাই পেলাইছে।
বিষয়াজনৰ উদ্যোগত চলা এই পাহাৰ ধ্বংস কাৰ্যই আকৌ কাষৰ জলাশয়ো পুতি পেলাইছে। কেৱল সেয়াই নহয়, আমচাং অভয়াৰণ্যৰ সৈতে সংলগ্ন এই বনাঞ্চল ধ্বংস কাৰ্যই বন্য হস্তীৰ বিচৰণস্থলীলৈও বিপদ কঢ়িয়াই আনিছে। কিয়নো তেওঁ যি স্থানত পাহাৰ খনন চলাইছে সেই স্থান আমাচং বনাঞ্চলৰ হস্তী বিচৰণ ভূমি।
বিকাশ শৰ্মাৰ অভিযোগ অনুসৰি সেনা বিষয়াজনে এইদৰে অকৰ্তৃত্বশীল ভাৱে পাহাৰ খনন কৰা ইয়াৰ মাটিবোৰ তেওঁৰ ঘৰৰ চৌহদলৈ ঠেলি দিছে। যাৰ ফলত পাহাৰৰ মাটিয়ে বিকাশ শৰ্মাৰ গৃহৰ যথেষ্ট ক্ষতি কৰাৰ লগতে ঘৰৰ গাড়ীৰ গেৰেজ, মূল্যবান গছ ভাঙি পৰিছে। এই সন্দৰ্ভত সেনা বিষয়াগৰাকীক আৱেদন কৰি জনোৱা হৈছিল যদিও তেওঁ নিজৰ ভুল স্বীকাৰ কৰিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।
বৰঞ্চ তেওঁ অসম চৰকাৰৰ ৰাজহ বিভাগৰ সৈতে যুটীয়া জৰিপ অবিহনেই একপক্ষীয় ভাৱে সীমা নিৰ্ধাৰণ কৰি দেৱাল নিৰ্মাণ কৰাতহে ব্যস্ত হৈছে। ইফালে পাহাৰৰ মাটি খহাই বিকাশ শৰ্মাৰ ঘৰলৈ ঠেলি পঠিওৱাত এইমাটি আঁতৰোৱাৰ নামতেই খৰচ কৰিবলগীয়া হ'ল ২৫ হাজাৰকৈ টকা। ঘৰৰ অন্যান্য ক্ষয়-ক্ষতিৰ কথা সুকীয়া।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/0130dac0-e596-4f01-aafc-d092da2e8365/44df5f22_4eff_4192_a443_685407a2cf82.jpg)
নাৰেঙ্গী সেনা চাউনীৰ ষ্টেচন হেড কোৱাৰ্টাৰৰ কৰ্ণেল এছ এছ জামৱালে এইদৰে অকৰ্তৃত্বশীল ভাৱে পাাহাৰখনন, প্ৰকৃতি ধ্বংস আৰু বিকাশ শৰ্মাৰ গৃহৰ ক্ষতি কৰা কাৰ্যৰ বিৰুদ্ধে পাঞ্জাবাৰী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰাৰ লগতে কামৰূপ জিলাৰ উপায়ুক্তলৈও পত্ৰ প্ৰৰেণ কৰিছে। এতিয়া এইগৰাকী প্ৰকৃতি ধ্বংসকাৰী সেনা বিষয়াৰ বিৰুদ্ধে আৰক্ষী তথা প্ৰকাশনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয়।