যৌন নিৰ্যাতনৰ সলনি ‘গগৈ’ ব্যৱহাৰ কৰাৰ পৰামৰ্শ, তৃণমূল কংগ্ৰেছৰ সাংসদৰ বিৰুদ্ধে গোচৰ ৰুজু…

যৌন নিৰ্যাতনৰ সলনি ‘গগৈ’ ব্যৱহাৰ কৰাৰ পৰামৰ্শ, তৃণমূল কংগ্ৰেছৰ সাংসদৰ বিৰুদ্ধে গোচৰ ৰুজু…

author-image
asomiyapratidin
New Update
যৌন নিৰ্যাতনৰ সলনি ‘গগৈ’ ব্যৱহাৰ কৰাৰ পৰামৰ্শ, তৃণমূল কংগ্ৰেছৰ সাংসদৰ বিৰুদ্ধে গোচৰ ৰুজু…

ডিজিটেল ডেস্ক: আহোম সকলক লৈ অপমানসূচক মন্তব্য কৰাৰ অভিযোগত শুকুৰবাৰে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। শিৱসাগৰত জাতীয় সংগ্ৰামী সেনাই গোচৰ ৰুজু কৰি সাংসদ গৰাকীক ক্ষমা খোজাৰ দাবী উত্থাপন কৰে।

Advertisment

উল্লেখ্য যে, তৃণমূল কংগ্ৰেছৰ সাসংদ গৰাকীয়ে টুইটাৰত  "My first of new twitter series on replacements for unparliamentary words . Banned word- Sexual Harassment, Replacement- Mr. Gogoi"।

ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হ'ল। তাৰ পাছত পুনৰ টুইট কৰে- "Just for those sanghis twisting tweet to say I targetted all Gogois let me spell it out: Mister Ranjan Gogoi. Honourable MP, Rajya Sabha."।

তেওঁৰ এই মন্তব্যৰ পাছতেই সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। এই সন্দৰ্ভত গোচৰ ৰুজু কৰি জাতীয় সংগ্ৰামী সেনানীয়ে কয় যে যৌন নিৰ্যাতনৰ বিপৰীতে মিষ্টাৰ গগৈ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়াতো কোনো পধ্যেই মানি লোৱা নহয়। উল্লেখ্য যে, এই পৰ্যন্ত সাংসদ গৰাকীয়ে ক্ষমা খোজা নাই।

আৰু পঢ়ক: ল'ৰাই হওক বা ছোৱালীয়েই হওক; এটি সন্তানেই যথেষ্ঠ…

assam mohua maitra tmc