গোৱালপাৰা পৌৰসভাত কোটি টকীয়া বিত্তীয় কেলেংকাৰী...

বিত্তীয় কেলেংকাৰীৰ এক উচ্চপৰ্যায়ৰ তদন্তৰ দাবী কৰিছে সচেতন মহলে

author-image
Asomiya Pratidin
New Update
গোৱালপাৰা পৌৰসভাত কোটি টকীয়া বিত্তীয় কেলেংকাৰী...

GOALPARA

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা পৌৰ ব'ৰ্ডে বিশুদ্ধ খোৱা পানী (আৰ অ')ৰ কোটি টকীয়া আঁচনিত সংঘটিত কৰিছে বিয়াগোম বিত্তীয় কেলেংকাৰী। কাম আৰম্ভ নকৰাকৈয়ে পৌৰ ব'ৰ্ডে আগতীয়াকৈ সৰকাই লৈছে আঁচনিখনৰ সিংহভাগ ধন।

Advertisment

এই নৈতিক বিত্তীয় কেলেংকাৰীত পৌৰ প্ৰশাসনৰ কাৰ্যবাহী বিষয়াকে ধৰি সহকাৰী অভিযন্তা আৰু মুখ্য সহায়কগৰাকী প্ৰত্যক্ষভাৱে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখযোগ্য যে,পঞ্চদশ বিত্তীয় আয়োগ (টাইড) ২০২০-২১ৰ অধীনত গোৱালপাৰা চহৰৰ হাচিলাবিল বাছ আস্থানত ব্যৱসায় ভিত্তিত বিশুদ্ধ খোৱা পানী (আৰ অ')ৰ আঁচনিৰ এক প্ৰস্তাৱ লয় পৌৰ ব'ৰ্ডে। এই প্ৰস্তাৱ অনুসৰি প্ৰায় ১ কোটি ১২ লাখ টকাৰ প্ৰাক কলন প্ৰস্তুত কৰা হয়।

জানিব পৰা মতে,আঁচনিখনে চৰকাৰী অনুমোদনো লাভ কৰে চলিত বৰ্ষৰ মে' মাহত।কিন্তু আঁচনিখনৰ কাম আৰম্ভ নকৰাকৈয়ে তদানীন্তন কাৰ্যবাহী বিষয়া শান্তা কাৰ্কি চেত্ৰী, মুখ্য সহায়ক ভাস্কৰাদিত্য ৰায়,সহকাৰী অভিযন্তা ইছফাকুল ৱাৰিছে লগ হৈ চলিত বৰ্ষৰ ১৪ জুলাইত আয়োগক কৌশলৰে পতিয়ন নিয়াই ভাৰতীয় ষ্টেট বেংকৰ ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা ব্যৱস্থা (পি এফ এম এচ)ৰ পৰা আঁচনিখনৰ ৮০ শতাংশ (৮৬,৯৭০৬৬ টকা) ধন আগতীয়াকৈ সৰকাই লয় বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে, ১১০৫ ৭৮০৩৭৭২ নম্বৰ একাউণ্টত পি এফ এম এচৰ পৰা চি ০৭২২২৬১৮৫২৯৩ এডভাইচ নম্বৰ যোগে ধন আদায় কৰে পৌৰ সভাই। প্ৰনিধানযোগ্য যে,নিয়ম মতে আঁচনিখনৰ কাম সম্পূৰ্ণ হোৱাৰ পিচত সহকাৰী অভিযন্তাই ফিল্ড ৰিপ'ৰ্ট কৰাৰ পিচত ঠিকাদাৰে পৌৰ সভাত বিল দাখিল কৰে।

মুখ্য সহায়ক আৰু কাৰ্যবাহী বিষয়াই বিলত অনুমোদন জনোৱাৰ পিচতহে আয়োগে ধন মুকলি কৰে। সেইদৰে কাম চলি অৱস্থাত ঠিকাদাৰে ৰাণিং বিল আদায় ল'ব পাৰে। উত্থাপিত অভিযোগ মতে, দুৰ্নীতিৰ অভিপ্ৰায়ৰে পূৰ্ব পৰিকল্পনা অনুসৰি পৌৰ ব'ৰ্ডৰ পৌৰপতি আৰু উপ-পৌৰপতিয়ে গোপনে দুগৰাকীমান বিশ্বস্ত ৱাৰ্ড কমিছনাৰক লগত লৈ ৱাৰ্ড সভাত কোটিটকীয়া বিশুদ্ধ খোৱা পানী আঁচনিখনৰ প্ৰস্তাৱ লয়।

এই সন্দৰ্ভত পৌৰ সভাৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ লগতে পঞ্চদশ‌ বিত্তীয় আয়োগৰ ধন আবণ্টনক লৈও সেইসময়ত একাংশ ৱাৰ্ড কমিছনাৰে জিলা উপায়ুক্ত আৰু সংশ্লিষ্ট বিভাগক অভিযোগ দাখিল কৰিছিল বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে।

তৎসত্বেও পৌৰ ব'ৰ্ডে আঁচনিখনত ধন আবণ্টন তথা চৰকাৰী অনুমোদন আদায় কৰে।আঁচনিখনৰ নিবিদাৰ ক্ষেত্ৰটো আন এক অভিযোগ উত্থাপিত হৈছে। আঁচনিখনৰ অন লাইন বা অফ লাইন নিবিদা আহ্বান কৰা হোৱা নাই। দুখনমান কাকতত নিবিদাৰ বিজ্ঞাপন দিয়া বুলি পৌৰপতিয়ে দাবী কৰিছে যদিও সেয়াও সন্দেহজনক।

বৰ্তমানলৈকে আঁচনিখনৰ আধাৰশিলাও উদ্বোধনো কৰা নাই । এই ক্ষেত্ৰত আঁচনিৰ কাম আৰম্ভ নকৰাকৈ কিহৰ ভিত্তিত আৰু কাৰ স্বাৰ্থত পৌৰ সভাই আঁচনিৰ ৮০ শতাংশ ধন উলিয়াই ল'লে সেই লৈ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অন্যহাতে ঐতিহাসিক গোৱালপাৰা পৌৰ সভাক নিজৰ পৈত্ৰিক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি ৪ বছৰৰ ভিতৰতে অগাধ ধন-সম্পত্তি আৰু বিলাসী বাহনৰ গৰাকী হৈ পৰা পৌৰ সভাৰ সহকাৰী অভিযন্তা ইছফাকুল ৱাৰিছে বহিঃজিলাৰ মন পছন্দৰ এগৰাকী ঠিকাদাৰক আগতীয়াকৈ ধন আদায় দিয়াৰ স্বাৰ্থতে এইদৰে পৌৰসভাক ব্যৱহাৰ কৰি আগতীয়াকৈ অবৈধভাৱে ধন সৰকাই দিয়া বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।পৌৰ সভাৰ এই বিত্তীয় কেলেংকাৰীৰ এক উচ্চপৰ্যায়ৰ তদন্তৰ দাবী কৰিছে সচেতন মহলে।

goalpara