/asomiyapratidin/media/media_files/2025/04/01/uPBeXB70m0Ex9bVFZ5b7.jpg)
ডিজিটেল সংবাদ, জাগীৰোড : অসম চৰকাৰৰ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই মঙলবাৰে তেজপুৰত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত আৰু জাগীৰোডত দুটা বিশেষ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি 'অসম দৰ্শন আঁচনি'ৰ অধীনত তেজপুৰ আৰু জাগীৰোড বিধানসভা সমষ্টিৰ নামঘৰ আৰু ধৰ্মীয় উপাসনা গৃহলৈ আৰ্থিক অনুদান প্ৰদান কাৰ্যসূচীৰ আনুষ্ঠানিভাৱে শুভাৰম্ভ কৰে ।
তেজপুৰত বক্তব্য প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই কয় যে নামঘৰ আৰু ধৰ্মীয় উপাসনাস্থলীসমূহ আমাৰ আধ্যাত্মিক চিন্তা তথা কৃষ্টি-সংস্কৃতিৰ উৎকৰ্ষ সাধনৰ প্ৰাণকেন্দ্ৰস্বৰূপ। আমাৰ এই আধ্যাত্মিক প্ৰতিষ্ঠানসমূহৰ উন্নয়নৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত বিভিন্ন ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে ।
/asomiyapratidin/media/media_files/2025/04/01/RlUpDQKrZTdPtGVtqlcH.jpg)
উল্লেখ্য যে আজি শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে তেজপুৰ বিধানসভা সমষ্টিৰ ১৫৮টা নামঘৰ তথা উপাসনাগৃহলৈ আগবঢ়োৱা আৰ্থিক অনুদানৰ চেকসমূহ বিতৰণ কৰে । ২০২৪-২৫ বৰ্ষৰ এই আঁচনিৰ অধীনত মুঠ ৩ লাখ টকাকৈ প্ৰদান কৰিবলগীয়া আৰ্থিক অনুদানৰ প্ৰথম পৰ্যায়ত ১.৫ লাখ টকাকৈ প্ৰদান কৰা হৈছে । উল্লেখ্য যে শোণিতপুৰ জিলাখনৰ মুঠ ৭৯২টা নামঘৰ আৰু উপাসনাগৃহলৈ এই অনুদান প্ৰদান কৰা হ'ব।
পাছবেলা মন্ত্ৰী হাজৰীকাই জাগীৰোডৰ বহুমুখী প্ৰেক্ষাগৃহত সমষ্টিটোৰ ১৮১ টা নামঘৰ তথা উপাসনাস্থলীলৈ চেক বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে । আজিৰ অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰী হাজৰীকাই কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টি নামঘৰসমূহ আমাৰ জাতীয় ঐতিহ্য আৰু স্বাভিমান । এই নামঘৰসমূহক সুন্দৰকৈ ৰখাৰ বাবে আমাৰ সকলোৰে দায়িত্ব আছে।
/asomiyapratidin/media/media_files/2025/04/01/N7hKtwfDBpFc7RHWZ9ka.jpg)
একেদৰে মন্ত্ৰী হাজৰীকাই কয় - এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আন্তৰিকতাৰে কাম কৰি আছে । আনহাতে অসমৰ ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধাশীল ৰাজ্য চৰকাৰে ব'হাগ বিহু, শ্ৰীকৃষ্ণৰ ৰাসলীলা, দুৰ্গাপূজা আদি অনুষ্ঠানতো চৰকাৰৰ পৰা আৰ্থিক সহযোগিতা আগবঢ়াই আহিছে ।
/asomiyapratidin/media/media_files/2025/04/01/wZw0El9tdNcVd7xhpTV0.jpg)
একেটা সময়তে ৰাজ্য চৰকাৰে মহিলাসকলৰ উন্নয়ন, শিক্ষিত নিবনুৱাসকললৈ সম্পূৰ্ণ মেধাৰ ভিত্তিত চৰকাৰী চাকৰি আৰু সমাজৰ প্ৰতিজন নাগৰিকৰে কল্যাণৰ বাবে কাম কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us