/asomiyapratidin/media/media_files/2025/01/19/0kT520OCAZs9QF3IPwuh.jpg)
ডিজিটেল সংবাদ,চৰাইদেউঃ দশক দশক কাল অবহেলিত, অনাদৃত হৈ পৰি ৰোৱা বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ বীজ ৰোপণ কৰোতা চাওলুং চুকাফাৰ মৈদাম অৱশেষত সংৰক্ষণ হোৱাৰ দিশে গতি কৰিছে ।
মৈদামৰ চাৰিবেৰ নিৰ্মাণৰ বাবে টাই আহোম উন্নয়ন পৰিষদে এক কোটি আঠ লাখ টকাৰ আৱণ্টন দিছে ৷ সেই উপলক্ষে টাই পৰম্পৰা নীতি-নিয়মেৰে দেওবাৰে আধাৰশিলা স্থাপন কৰে মন্ত্ৰী যোগেন মহনে ৷
উক্ত অনুষ্ঠানত টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁইকে ধৰি কেইবাটাও টাই আহোম সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷