ডিজিটেল সংবাদ,পলাশবাৰীঃ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰনৰ উদ্দেশ্যে ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।
প্ৰায় ৩০ গৰাকী শিক্ষাৰ্থীক ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাৰ উপস্থিতিত এক সভাৰ জৰিয়তে জলপানী প্ৰদান কৰা হয় । অনুষ্ঠানত জলপানী প্ৰদানৰ লগতে APSC-UPSC পৰীক্ষালৈ কিদৰে প্ৰস্তুতি কৰিব লাগে এই সন্দৰ্ভতো অসম আৰক্ষী সেৱাত উত্তীৰ্ণ জ্যেতিষ্মিতা মেধীয়ে বক্তব্য আগবঢ়াই ।
উক্ত অনুষ্ঠানত ৰমাকান্ত ৰাভাৰ লগতে ছয়গাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ কমল ঠাকুৰীয়া, অধ্যাপক উপেন ডেউকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাভা গোটৰ সাধাৰণ সম্পাদক কৌশিক ৰাভা প্ৰমুখ্যে ৰাভা জাতীয় দল সংগঠনৰ প্ৰতিনিধি বৰ্গও উপস্থিত থাকে ।