/asomiyapratidin/media/media_files/2025/11/06/1-2025-11-06-19-56-20.jpg)
ডিজিটেল ডেস্কঃ দুদিনীয়া অসম ভ্রমণসূচীৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ শুকুৰবাৰে গুৱাহাটীত উপস্থিত হ'ব। কাইলৈ সন্ধিয়া তেওঁ উজান বজাৰত ব্ৰহ্মপুত্র ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু পাণবজাৰৰ গে'টৱে অৱ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল আৰু জেটি উদ্বোধন কৰিব।
অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱা আৰু পৰিবহণ মন্ত্রী চৰণ বড়ো উপস্থিত থাকিব। এই প্রকল্পই গুৱাহাটী মহানগৰীৰ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থা শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
ইয়াৰ আগতে মন্ত্ৰীগৰাকীয়ে জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্রকল্পস্থলী পৰিদৰ্শন কৰিব। প্রকল্পস্থলীত আয়োজিত এটা অনুষ্ঠানত বিত্তমন্ত্ৰীগৰাকীয়ে প্রায় ৩০০ গৰাকী যুৱক-যুৱতীৰ সৈতে মত বিনিময় কবিব। শ্রীমতী সীতাৰমণৰ আগমনৰ পূর্বে আজি মন্ত্রী পীযূষ হাজৰিকা আৰু বিমল বৰাই প্রকল্পস্থলী পৰিদৰ্শন কৰি যাৱতীয় প্রস্তুতিৰ বুজ লয়।
লগতে ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ মুখ্য কার্যবাহী অভিযন্তাৰ সৈতে বিদ্যুৎ, পানীযোগান, নিৰাপত্তা আদি বিভিন্ন বিষয়ত আলোচনা কৰে। অহা বছৰৰ ফেব্ৰুৱাৰীত এই প্রকল্পটো আনুষ্ঠানিকভাবে উদ্বোধন কৰা হ'ব। প্রকল্পটোৱে ৰাজ্যখনৰ অর্থনৈতিক বিকাশৰ দিশত নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us