/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/7d2796b4-7e91-4458-8890-0e500f222ea6/ajanta.jpg)
Ajanta neog meeting at golaghat
ডিজিটেল ডেস্কঃ সমগ্ৰ অসমবাসীৰ লগতে মাজুলীবাসীৰ বহু প্ৰত্যাশিত যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য ইতিমধ্যে আৰম্ভ হৈছে। দলংখনৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান U.P.State Bridge Corporation Limited-ৰ সৈতে শুকুৰবাৰে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশ লয় ৰাজ্যৰ বিত্ত, মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে।
৯২৫.৪৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান দলংখনৰ দৈৰ্ঘ্য হ'ব ৮.০২৫ কিলোমিটাৰ। বৈঠকখনত নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ কামৰ অগ্ৰগতি মন্ত্ৰী নেওগক অৱগত কৰাৰ লগতে কিছু ক্ষেত্ৰত চৰকাৰৰ আৰু সহযোগিতা বিচাৰে। মন্ত্ৰী নেওগেও প্ৰতিষ্ঠানটোৰ কাম-কাজ খৰতকীয়া কৰাৰ লগতে তেওঁলোকৰ অনুৰোধসমূহ শীঘ্ৰে সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।
ইফালে, বিত্তমন্ত্ৰীগৰাকীয়ে গোলাঘাটত নিৰ্মাণ হ'বলগীয়া গোলাঘাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নিৰ্মাণকাৰী সংস্থা Larsen & Turbo Construction Building & Factoriesৰ সৈতেও গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। ৬৩১.৮২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া চিকিৎসা মহাবিদ্যালয়খন নিৰ্দিষ্ট সময়ৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।
শুকুৰবাৰে বিয়লি ৪ বজাৰ পৰা বিত্তমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ জ্যেষ্ঠ কৰ আৰু চৰকাৰী নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতেও বৈঠকত মিলিত হয়। ৰাজ্যৰ বিভিন্ন স্থানত নিৰ্মীয়মান অৱস্থাত থকা বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ খতিয়ান লয় মন্ত্ৰীগৰাকীয়ে।