/asomiyapratidin/media/media_files/2025/04/04/WdztG3lgE9AuI0sgBacI.jpg)
ডিজিটেল ডেস্কঃ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ অৱশিষ্ট দুই সমষ্টিতো বিজয় লাভ কৰিছে বিজেপিৰ মিত্ৰজোঁটে। গোৱালপাৰাৰ দাৰিদৰি সমষ্টিত ৰাভা সংগ্ৰাম যৌথ মঞ্চ আৰু আৰু আগিয়াত বিজেপিৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ মুঠ ৩৬টা সমষ্টিৰ ভিতৰত এন ডি এ মিত্ৰজোঁটে ৩৩টা, নিৰ্দলীয়ই ২টা আৰু কংগ্ৰেছে এটা সমষ্টি দখল কৰিছে। মুঠ ৩৬ টা সমষ্টিৰে গঠিত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদখনৰ ২০ টা সমষ্টি গোৱালপাৰা জিলাৰ অন্তৰ্গত আৰু ১৬ টা সমষ্টি কামৰূপ জিলাৰ অন্তৰ্গত।
নিৰ্বাচনৰ পূৰ্বেই গোৱালপাৰা জিলাৰ ২০ নং জয়ৰামকুছি সমষ্টিত বিজেপি সমৰ্থিত প্ৰাৰ্থী প্ৰেমাজলী ৰাভা, কামৰূপ জিলাৰ ২৩ নং খালিহাকোঠ সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী নগৰমল স্বৰ্গীয়াৰী আৰু ২৫ নং হাহিম সমষ্টিত যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী সোণাৰাম ৰাভা বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছিল।