Advertisment

জামুগুৰিহাটত সাৰ্ব্বজনীন মহিলা ৰাস উদযাপনৰ অন্তিম প্ৰস্তুতি

জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ ধলাইবিল কেন্দ্ৰত পৰম্পৰাগতভাৱে চলি অহা সাৰ্ব্বজনীন ৰাস মহোৎসৱ ভাগ এইবাৰ অঞ্চলটোৰ জীয়াৰী- বোৱাৰী তথা মহিলাসকলে উদ্যোগ লৈ আয়োজন কৰিছে

author-image
Asomiya Pratidin
New Update
raakh jamuguri

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ ধলাইবিল কেন্দ্ৰত পৰম্পৰাগতভাৱে চলি অহা সাৰ্ব্বজনীন ৰাস মহোৎসৱ ভাগ এইবাৰ অঞ্চলটোৰ জীয়াৰী- বোৱাৰী তথা মহিলাসকলে উদ্যোগ লৈ আয়োজন কৰিছে ৷ বৃহত্তৰ উত্তৰজামুগুৰি অঞ্চলৰ মহিলা আই-মাতৃসকল একত্ৰিত হৈ গঠন কৰা উত্তৰজামুগুৰি সাৰ্ব্বজনীন মহিলা ৰাস উদযাপন কমিটীখনে ধলাইবিলৰ শ্ৰীমন্তশঙ্কৰদেৱৰ সেৱাশ্ৰমত শুকুৰবাৰে ৰাস পূৰ্ণিমাৰ নিশাই অনুষ্ঠিত কৰিব সাৰ্ব্বজনীন মহিলা ৰাস মহোৎসৱ ৷ 

Advertisment

যাৰ বাবে অঞ্চলটোৰ জীয়াৰী- বোৱাৰী ও মহিলা -যুৱতীসকলক বৃহস্পতিবাৰে নিশা ৰাসৰ অন্তিম তথা চূড়ান্ত আখৰাত ব্যস্ত হৈ থকা পৰিলক্ষিত হয় ৷ কৃষ্ণ আৰু অসুৰকে আদি কৰি সকলো ভাওত ভাৱৰীয়া হিচাপে অংশগ্ৰহণ কৰি মাহজোৰা ৰাস ভাওনাৰ আখৰাত ব্যস্ত হৈ থকা মহিলা ভাৱৰীয়াসকলে নিজৰ নিজৰ অভিনয় প্ৰতিভা প্ৰদশৰ্নৰ হেতু অপেক্ষা কৰিছে ৷ 

এই হেতুকেই উত্তৰ জামুগুৰি সাৰ্ব্বজনীন মহিলা ৰাস উদযাপন সমিতিয়ে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অঞ্চলটোৰ সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে৷

ৰাস