পঞ্চায়ত নিৰ্বাচনৰ বাবে চূড়ান্ত নিৰ্বাচনী তালিকা প্ৰকাশ...

চৰকাৰে গাঁও পঞ্চায়ত,  আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ সমষ্টিৰ নতুনকৈ সমষ্টি নিৰ্ধাৰণ কৰাৰ পিছত নিৰ্বাচনী আয়োগে প্ৰকাশ কৰিছে চূড়ান্ত নিৰ্বাচনী তালিকা  ।

author-image
Asomiya Pratidin
New Update
assam by election

ডিজিটেল ডেস্কঃ চৰকাৰে গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ সমষ্টিৰ নতুনকৈ সমষ্টি নিৰ্ধাৰণ কৰাৰ পিছত নিৰ্বাচনী আয়োগে প্ৰকাশ কৰিছে চূড়ান্ত নিৰ্বাচনী তালিকা

ষষ্ঠ অনুসূচীৰ এলেকা আৰু পৌৰসভাৰ এলেকা বাদ দি সাতাইশখন (২৭) জিলাৰ বাবে লাভ কৰা সকলো দাবী আৰু আপত্তি নিষ্পত্তিৰ পিছত ১,৮০,১৪,৯১৩ জন ভোটাৰ আছে। ইয়াৰে ৯০,৬০,৬৪০ জন পুৰুষ, ৮৯,৫৩,৮৬৫ গৰাকী মহিলা আৰু ৪০৮ গৰাকী অন্যান্য লিংগৰ ভোটাৰ। এই নিৰ্বাচকসকলে ৩৯৭ টা জিলা পৰিষদ সমষ্টি, ১৮১ টা আঞ্চলিক পঞ্চায়ত, ,১৯২ টা গাঁও পঞ্চায়ত আৰু ২১,৯২০ টা ৱাৰ্ডত ভোটদান কৰিব।

গাঁও পঞ্চায়ত, ব্লক উন্নয়ন, জিলা পৰিষদ আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী ফলকৰ লগতে জিলা প্ৰশাসন আৰু ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৱেবছাইট (https ://ermssec.assam.gov.in)চূড়ান্ত নিৰ্বাচনী তালিকাপ্ৰকাশনিৰ্বাচন আয়োগে ইতিমধ্যে প্ৰদান কৰা ইপিআইচি নম্বৰৰ জৰিয়তে বা উক্ত ৱেবছাইটৰ নাগৰিক কোণৰ পৰা নিজৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰৰ চূড়ান্ত নিৰ্বাচনী তালিকা ডাউনলোড কৰি চূড়ান্ত নিৰ্বাচনী তালিকাত নিজৰ নাম পৰীক্ষা কৰিব পাৰে।

তদুপৰি আয়োগে নিয়ম অনুসৰি নতুন ভোটাৰ অন্তৰ্ভুক্তিৰ কামো অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰে ।

পঞ্চায়ত নিৰ্বাচন