/asomiyapratidin/media/media_files/2025/06/27/bhhgiugb-2025-06-27-17-42-03.jpg)
ডিজিটেল ডেস্ক, লখিমপুৰঃ উত্তৰ অসমত ফিল্ম শিক্ষাৰ ক্ষেত্ৰত আৰম্ভ হ’ল এক নতুন অধ্যায় । শুকুৰবাৰে কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে লখিমপুৰবাসীৰ গৌৰৱ, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰ শিল্পী পৰেশ ভূঞাই।
এই কেন্দ্ৰটো স্থাপন কৰা হৈছে লখিমপুৰৰ সমাজকৰ্মী তথা "মা অনুষ্ঠান"ৰ স্ৰষ্টা গোবিন বৰদলৈৰ পুত্ৰ আৰফিলিছ বৰদলৈ আৰু কন্যা জুবিলী বৰদলৈৰ উদ্যোগত। একেলগে দুই ভাতৃ-ভগ্নীয়ে চলচ্চিত্ৰৰ প্ৰতি থকা দীঘলীয়া প্ৰেম আৰু আগ্ৰহক বাস্তৱ ৰূপ দিয়াৰ বাবে এই প্ৰয়াস গ্ৰহণ কৰিছে।